• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিনি মিনিটত ৰোহিত আৰু ধাৱানক আউট কৰি নিমিষতে হিৰ’ হৈ গ’ল এজন ১৯ বছৰীয়া যুৱক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 2, 2019 7:21 pm

2 min read

Keshav Dabas

ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানক আউট কৰি চৰ্চিত হোৱা কেশৱ ডাবাছ। ফটোৰ উৎস : ইণ্টাৰনেট।

52.5k
VIEWS
Share on FacebookShare on Twitter

শক্তিশালী টীম ইণ্ডিয়াৰ দুই খ্যাতিমান বেটছমেন ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানক অগা-পিছাকৈ আউট কৰি কেইঘণ্টামানৰ ভিতৰতে দেশজুৰি চৰ্চিত হৈ পৰিছে এজন ১৯ বছৰীয়া যুৱক।

ভাৰতীয় দলটোৰ নে’ট অনুশীলনৰ সময়ত এই বিৰল কৃতিত্ব অৰ্জা নৱতম চাঞ্চল্যৰ নাম হ’ল কেশৱ ডাবাছ।

ভাৰতীয়া দলটোৱে কাইলৈ বাংলাদেশৰ বিৰুদ্ধে টি-২০ এখন খেলত নামিব আৰু তাৰ বাবে দিল্লীৰ ফিৰোজ শ্বাহ কোটলা গ্ৰাউণ্ডত চলোৱা নে’ট অনুশীলনত সময়ত দিল্লীৰ এই কিশোৰজনক ব’ল কৰিবলৈ দিয়া হৈছিল।

সোঁহতীয়া বেগী ব’লাৰ ডাবাছে কেইবাটাও বিশ্ব ৰেকৰ্ডৰ অধিকাৰী ৰোহিত শৰ্মাক অফ ষ্টাম্পত ধৰা পেলোৱাৰ তিনি মিনিটৰ পিছতে টীম ইণ্ডিয়াৰ আনজন অপেনাৰ শিখৰ ধাৱানৰ ষ্টাম্প ওফৰায়।

ডাবাছে এয়ে প্ৰথম ভাৰতীয় দলৰ বেটছমেনৰ বিৰুদ্ধে বল দলিওৱাৰ সুযোগ পাইছিল। অৱশ্যে তেওঁ এই বছৰৰ প্ৰথমৰ ফালে অষ্ট্ৰেলিয়াৰ ভাৰত ভ্ৰমণৰ সময়তো অ’ফিচিয়েল নে’ট ব’লাৰ হিচাপে সুযোগ পাইছিল।

কেশৱে সুৰিন্দৰ খান্না ক্ৰিকেট একাডেমিৰ হৈ খেলে আৰু যোৱা ছিজনত তেওঁ দিল্লী অনূৰ্ধ্ব-১৯ দলটোকো এখন খেলত প্ৰতিনিধিত্ব কৰিছিল।

আজি ভাৰতীয় দলটোৰ অনুশীলনৰ সময়ত দুজনকৈ বিশ্বৰ আগশাৰীৰ বেটছমেনক বিব্ৰত কৰাৰ পিছত চাৰিওফালৰ পৰা কেশৱে প্ৰশংসা লাভ কৰিছে।

হিন্দুস্তান টাইমছৰ বাতৰিমতে, টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীও আছে তেওঁলোকৰ মাজত।

আনহাতে হঠাতে প্ৰশংসাৰ ধলে বুৰাই পেলোৱা কিশোৰজনে নিজৰ অনুভৱ খুব সন্তুষ্টিপূৰ্ণ বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক।

“বেলেগ ধৰণৰ অনুভৱ, কি ক’ম নিজেই বুজিব পৰা নাই”, কেশৱৰ উদ্ধৃতি হিন্দুস্তান টাইমছত।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd