DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

মুৰলী বৰুৱা by মুৰলী বৰুৱা
February 28, 2021 10:27 am
IMG_20210227_200752
154
VIEWS
Share on FacebookShare on Twitter

 নগাঁও জিলাৰ নিৰ্বাচনী কাৰ্যালয়ৰ অন্তৰ্গত ৭ টা বিধান সভা সমষ্টিৰ নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে।

সেই অনুসৰি, প্ৰথম পৰ্যায়ত হ’ব লগা নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰি, ৰূপহীহাট, ধি‌ং আৰু বটদ্ৰৱা এই চাৰিটা বিধান সভা সমষ্টিত নিৰ্বাচনৰ আনুষ্ঠানিক অধিসুচনা অহা ২ মাৰ্চত কৰা হ’ব বুলি নগাঁও জিলা উপায়ুক্ত তথা ৰিটাৰ্নিং বিষয়া কবিথা পদ্মনাভনে আয়োজন কৰা এক সংবাদ মেলত  জানিবলৈ দিয়ে।

তেওঁ জনোৱা মতে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ৯ মাৰ্চ। ১০ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। ১২ মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ শেষ দিন। এই চাৰিটা সমষ্টিত ২৭ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব।

আনহাতে, নগাঁও নিৰ্বাচনী বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দ্বিতীয় পৰ্যায়ত হ’বলগা সমষ্টি ক্ৰমে নগাঁও সদৰ, ৰহা আৰু বঢ়মপুৰ সমষ্টিৰ নিৰ্বাচনৰ বাবে ৫ মাৰ্চত আনুষ্ঠানিক অধিসুচনা জাৰি কৰা হ’ব।

১২ মাৰ্চ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ১৫ মাৰ্চত মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ লগতে ১৭ মাৰ্চ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ১ এপ্ৰিলত উক্ত তিনিটা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হ’ব।

উপায়ুক্ত গৰাকীয়ে জনোৱা মতে, নগাঁও জিলাৰ উল্লেখিত ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু ৩৮০ টা অতিৰিক্ত ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব।

লগতে তেওঁ জানিবলৈ দিয়ে যে যিবিলাক কেন্দ্ৰত ১০০০ তকৈ অধিক ভোটাৰ থাকিব, সেই এলেকাত অতিৰিক্ত ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব।

নিৰ্বাচন আয়োগে দিয়া সকলো নিৰ্দেশনা সকলোৱে মানি চলিব লাগিব বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে এই সন্দৰ্ভত এই বিভিন্ন ৰাজনৈতিক দলৰ লগত আলোচনা কৰা হৈছে।

ইপিনে, কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়াৰ অন্তৰ্গত কলিয়াবৰ বিধান সভা সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।

Recent News

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

ৰাজনৈতিক জীৱনৰ প্ৰথমটো প্ৰত্যক্ষ নিৰ্বাচনতে বিজয়ী ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডাঃ মানিক সাহা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd