• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ দুই বামপন্থী ট্ৰেড ইউনিয়ন সংগঠনৰ 

নৰেন্দ্ৰ মোডী মুৰ্দাবাদ ধ্বনিৰে উত্তাল হোজাইৰ ৰাজপথ

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
January 7, 2019 7:42 pm
IMG-20190107-WA0060
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰে অতি অগ্ৰাসীভাৱে শ্ৰমিক বিৰোধী আৰু মালিক শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাকাৰী আইন প্ৰস্তুত কৰা, নৱ্য উদাৰবাদী অৰ্থনৈতিক নীতি ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰি গুৰুত্বপূৰ্ণ ৰাজহুৱা শিল্পক্ষেত্ৰকে ধৰি সকলো ধৰণৰ ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠান বেচৰকাৰীকৰণ আহিছে।

ৰাজহুৱা খণ্ডৰ বেংক, বীমা, ৰেল, প্ৰতিৰক্ষা আৰু তেল আদি ব্যক্তিগতকৰণ হ’বলৈ ধৰিছে। কৰ্মৰত শ্ৰমিক কৰ্মচাৰীৰ ওপৰত কামৰ বোজা বৃদ্ধি কৰাৰ উপৰিও ব্যাপক হাৰত ঠিকাকৰণে শ্ৰমিক শ্ৰেণীক নিৰাপত্তাহীনতাত ভুগাইছে।

Apply Now

আনহাতে অংগনবাদী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী, আশাকৰ্মী আদি বিভিন্ন আঁ‌চনিভূক্ত কৰ্মচাৰী আৰু নিৰ্মাণ ক্ষেত্ৰকে ধৰি অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ ধাৰাবাহিক আন্দোলনৰ পিছতো সেই সকল শ্ৰমিক কৰ্মচাৰীক ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহা হৈছে।

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ এনে ধৰণৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে দেশৰ ট্ৰেড ইউনিয়ন সমূহৰ যৌথ মঞ্চই অহা ৮ আৰু ৯ জানুৱাৰীৰ দিনা আহ্বান জনোৱা দুদিনীয়া দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমৰ্থনত আজি হোজাইত সহস্ৰাধিক পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহিল।

বামপন্থী ট্ৰেড ইউনিয়ন সংগঠন চিআইটিইউ,  এআইটিইউচিৰ অধীনস্থ কেবাটাও সংগঠনৰ কৰ্মী সদস্যই দিনৰ ১২-০০ বজাত হোজাই ৰেলৱে ষ্টেচনৰ সমীপৰ পৰা এক সমদল উলিয়ায়। সমদলকাৰী সকলে চহৰখনৰ মাজমজিয়াৰে বিজেপি মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী হুচিয়াৰ, শ্ৰমিক আৰু কৃষক বিৰোধী বিজেপি গ`বেক আদি শ্লগানেৰে চহৰখনৰ পৰিৱেশ উত্তাল কৰি তোলে। সমদলকাৰী সকলে সমগ্ৰ চহৰখনতে এক প্ৰতিবাদী পৰিৱেশ সৃষ্টি কৰি দুদিনীয়া সাধাৰণ ধৰ্মঘট সফল কৰাৰ বাবে ৰাইজৰ সমৰ্থন আদায়ৰ চেষ্টা চলায়।

দুদিনীয়া ধৰ্মঘটত ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক, বীমা প্ৰতিষ্ঠান আৰু সকলো ধৰণৰ যান-বাহন বন্ধ ৰখাৰো আহ্বান জনায়। সমদলত নেতৃত্ব দিয়া ট্ৰেড ইউনিয়নৰ নেতা যজ্ঞেশৰ দাস, দেৱ ভট্টাচাৰ্য্য, নুৰুল ইছলাম, শ্বামিম আজাদ, আব্দুৰ ৰূফ, নুৰুল হকে বিজেপিৰ জন বিৰোধী নীতিৰ কঠোৰ সমালোচনা কৰে।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd