• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ দুই বামপন্থী ট্ৰেড ইউনিয়ন সংগঠনৰ 

নৰেন্দ্ৰ মোডী মুৰ্দাবাদ ধ্বনিৰে উত্তাল হোজাইৰ ৰাজপথ

NE NOW NEWS নিখিল মুন্দ্ৰা
হোজাই , January 7, 2019 7:42 pm

2 min read

IMG-20190107-WA0060
1.4k
VIEWS
Share on FacebookShare on Twitter

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰে অতি অগ্ৰাসীভাৱে শ্ৰমিক বিৰোধী আৰু মালিক শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাকাৰী আইন প্ৰস্তুত কৰা, নৱ্য উদাৰবাদী অৰ্থনৈতিক নীতি ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰি গুৰুত্বপূৰ্ণ ৰাজহুৱা শিল্পক্ষেত্ৰকে ধৰি সকলো ধৰণৰ ৰাজহুৱা খণ্ডৰ শিল্প প্ৰতিষ্ঠান বেচৰকাৰীকৰণ আহিছে।

ৰাজহুৱা খণ্ডৰ বেংক, বীমা, ৰেল, প্ৰতিৰক্ষা আৰু তেল আদি ব্যক্তিগতকৰণ হ’বলৈ ধৰিছে। কৰ্মৰত শ্ৰমিক কৰ্মচাৰীৰ ওপৰত কামৰ বোজা বৃদ্ধি কৰাৰ উপৰিও ব্যাপক হাৰত ঠিকাকৰণে শ্ৰমিক শ্ৰেণীক নিৰাপত্তাহীনতাত ভুগাইছে।

আনহাতে অংগনবাদী কৰ্মী সহায়িকা, ৰন্ধন কৰ্মী, আশাকৰ্মী আদি বিভিন্ন আঁ‌চনিভূক্ত কৰ্মচাৰী আৰু নিৰ্মাণ ক্ষেত্ৰকে ধৰি অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলৰ ধাৰাবাহিক আন্দোলনৰ পিছতো সেই সকল শ্ৰমিক কৰ্মচাৰীক ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহা হৈছে।

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ এনে ধৰণৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে দেশৰ ট্ৰেড ইউনিয়ন সমূহৰ যৌথ মঞ্চই অহা ৮ আৰু ৯ জানুৱাৰীৰ দিনা আহ্বান জনোৱা দুদিনীয়া দেশজোৰা সাধাৰণ ধৰ্মঘটৰ সমৰ্থনত আজি হোজাইত সহস্ৰাধিক পুৰুষ মহিলা ৰাজপথলৈ ওলাই আহিল।

বামপন্থী ট্ৰেড ইউনিয়ন সংগঠন চিআইটিইউ,  এআইটিইউচিৰ অধীনস্থ কেবাটাও সংগঠনৰ কৰ্মী সদস্যই দিনৰ ১২-০০ বজাত হোজাই ৰেলৱে ষ্টেচনৰ সমীপৰ পৰা এক সমদল উলিয়ায়। সমদলকাৰী সকলে চহৰখনৰ মাজমজিয়াৰে বিজেপি মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী হুচিয়াৰ, শ্ৰমিক আৰু কৃষক বিৰোধী বিজেপি গ`বেক আদি শ্লগানেৰে চহৰখনৰ পৰিৱেশ উত্তাল কৰি তোলে। সমদলকাৰী সকলে সমগ্ৰ চহৰখনতে এক প্ৰতিবাদী পৰিৱেশ সৃষ্টি কৰি দুদিনীয়া সাধাৰণ ধৰ্মঘট সফল কৰাৰ বাবে ৰাইজৰ সমৰ্থন আদায়ৰ চেষ্টা চলায়।

দুদিনীয়া ধৰ্মঘটত ব্যৱসায়িক প্ৰতিষ্ঠান, বেংক, বীমা প্ৰতিষ্ঠান আৰু সকলো ধৰণৰ যান-বাহন বন্ধ ৰখাৰো আহ্বান জনায়। সমদলত নেতৃত্ব দিয়া ট্ৰেড ইউনিয়নৰ নেতা যজ্ঞেশৰ দাস, দেৱ ভট্টাচাৰ্য্য, নুৰুল ইছলাম, শ্বামিম আজাদ, আব্দুৰ ৰূফ, নুৰুল হকে বিজেপিৰ জন বিৰোধী নীতিৰ কঠোৰ সমালোচনা কৰে।

Recent News

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd