যোৱা মে’ মাহৰ ৪ তাৰিখতে আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত গুলী লাগি প্ৰাণ আহুতি দিয়া বীৰ চহিদ আৰক্ষী বিষয়া ভাস্কৰ কলিতাৰ মৃত্যুৰ প্ৰায় ৪ মাহ পাছত আজি উক্ত সংঘৰ্ষটোত লিপ্ত থকা আলফা স্বাধীনৰ দুজন লিংক মেনক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া প্ৰকাশ সোণোৱাল, উপ-আৰক্ষী অধীক্ষক ভাৰ্গৱ গোস্বামী আৰু চক্ৰ আৰক্ষী বিষয়া প্ৰতিম গগৈৰ নেতৃত্বত যোৱা চাৰিদিন ধৰি চলা অভিযানৰ অন্তত আজি অসম-অৰুণাচল সীমান্তৰ পেঙেৰী-বৰডুমচা অঞ্চলৰ পৰা লিংক মেন দুজনক আটক কৰিবলৈ সক্ষম হয়।
আটকাধীন আলফা স্বাধীনতাৰ সদস্য দুজন দিপাংকৰ বৰা আৰু মামন দিহিঙীয়া বুলি চিনাক্ত কৰা হৈছে। ইতিমধ্যে তিনিচুকীয়া আৰক্ষীয়ে ধৃত উগ্ৰপন্থী লিংক মেন দুজনক মাৰাথন জেৰা চলাই সকলো তথ্য ফাদিল কৰাৰ লগতে দুটা মোবাইল ফোনো জব্দ কৰে।
উল্লেখযোগ্য যে যোৱা ৪ মে’ৰ বিয়লি প্ৰায় ৩ বজাত তিনিচুকীয়া জিলাৰ বৰডুমচা থানাৰ অৰ্ন্তগত খজুৱা পথাৰত উগ্ৰপন্থীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ চহিদ হয় বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ কলিতা। আলফা স্বাধীনৰ সদস্য উদয় অসমৰ নেতৃত্বত বাহৰ পাতি থকা দলৰ সৈতে মুখামুখি সংঘৰ্ষৰ পৰিণতিত মৃত্যুক আকোঁৱালি লৈছিল ভাস্কৰ কলিতাই।