• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2026 1:32 pm
54
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ ২০ বছৰৰ পাছত শনিবাৰে মুম্বাইৰ এখন বিশেষ আদালতে ২০০৬ চনৰ মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰ আৰু তেওঁৰ চালকৰ হত্যাৰ গোচৰত আটাইকেইজন অভিযুক্তক দোষমুক্ত বুলি ঘোষণা কৰিছে।

২০০৬ চনৰ ৩ জুন তাৰিখে নিম্বালকাৰ আৰু তেওঁৰ চালক ছামাদ কাজীয়ে মুম্বাইৰ পৰা ওচমানাবাদলৈ গৈ থকা অৱস্থাত নৱী মুম্বাইৰ কলাম্বোলীত দুজন দুৰ্বৃত্তই তেওঁলোকৰ গাড়ীখন ৰখাই গুলীয়াই দুয়োকে থিতাতে হত্যা কৰিছিল।

Apply Now

এই চাঞ্চল্যকৰ হত্যাৰ গোচৰত নিম্বালকাৰৰ সম্পৰ্কীয় ভাতৃ তথা এন চি পিৰ প্ৰাক্তন সাংসদ পদমসিং পাটিলৰ নামো সাঙোৰ খাইছিল। পাটিলৰ উপৰিও এই গোচৰত লাটুৰৰ ব্যৱসায়ী সতীশ মানদাদে, অৱসৰপ্ৰাপ্ত ৰাজ্যিক আবকাৰী পৰিদৰ্শক মোহন শুক্লা আৰু গুলীচালনা কৰা লোককেইজনো অভিযুক্ত আছিল।

পৱনৰাজে নিম্বালকাৰ ওচমানাবাদ জিলাৰ এজন আগশাৰীৰ কংগ্ৰেছ নেতা আছিল। তেওঁ লাহে লাহে এজন জনপ্ৰিয় ৰাজনৈতিক নেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল আৰু অঞ্চলটোত জ্যেষ্ঠ এন চি পি নেতা পদমসিং পাটিলৰ আধিপত্যৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছিল। আদালতত দিয়া ভাষ্য অনুসৰি, নিম্বালকাৰে প্ৰথম অৱস্থাত পাটিলৰ সমৰ্থনতেই ৰাজনীতিত খোজ পেলাইছিল আৰু তেৰ্ণা চেনী কল আৰু ওচমানাবাদ জিলা কেন্দ্ৰীয় সমবায় বেংকৰ দৰে প্ৰতিষ্ঠানত দায়িত্ব লাভ কৰিছিল। কিন্তু নিম্বালকাৰৰ ৰাজনৈতিক প্ৰভাৱ বৃদ্ধি পোৱাৰ লগে লগে দুয়োগৰাকী নেতাৰ মাজৰ সম্পৰ্ক বেয়া হ’বলৈ ধৰে। নিম্বালকাৰৰ পুত্ৰ তথা বৰ্তমানৰ শিৱসেনা সাংসদ ওমৰাজে নিম্বালকাৰে আদালতত জনাইছিল যে দুয়োটা শিবিৰৰ মাজত সম্পৰ্ক ইমানেই বেয়া হৈছিল যে তেওঁৰ পিতৃয়ে পাটিলৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগো দাখিল কৰিছিল।

প্ৰথম অৱস্থাত আৰক্ষীৰ তদন্তত সন্তুষ্ট নহৈ নিম্বালকাৰৰ পৰিয়ালে এক নিৰপেক্ষ তদন্ত বিচাৰি বোম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছত এই গোচৰৰ তদন্ত কেন্দ্ৰীয় অপৰাধ অনুসন্ধান ব্যুৰো চমুকৈ চি বি আইক অৰ্পণ কৰা হৈছিল। ২০০৯ চনত চি বি আয়ে দাখিল কৰা অভিযোগনামাত পদমসিং পাটিলক এই হত্যাৰ মূল অভিযুক্ত আৰু ষড়যন্ত্ৰকাৰী হিচাপে উল্লেখ কৰিছিল। চি বি আইৰ মতে, ৰাজনৈতিক শত্ৰুতাৰ বাবেই এই ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। তদন্তকাৰী বিষয়াসকলে অভিযোগ কৰিছিল যে পাটিলে বিশ্বাস কৰিছিল নিম্বালকাৰৰ বৰ্ধিত জনপ্ৰিয়তাই ওচমানাবাদ জিলাত তেওঁৰ ৰাজনৈতিক প্ৰভাৱৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। সেয়েহে নিম্বালকাৰক হত্যা কৰিবলৈ ৩০ লাখ টকাৰ এক চুক্তি কৰা হৈছিল। লগতে তেৰ্ণা চেনী কলৰ পৰিচালনাক লৈ হোৱা বিবাদো এই হত্যাৰ অন্যতম কাৰণ আছিল বুলি চি বি আয়ে উল্লেখ কৰিছিল। অৱশ্যে পাটিলে এই অভিযোগ ধাৰাবাহিকভাৱে অস্বীকাৰ কৰি আহিছিল আৰু অৱশেষত আদালতে সকলো অভিযুক্তক এই গোচৰৰ পৰা মুকলি কৰি দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

এয়া প্ৰেম নে প্ৰেমৰোগ? মেছেজৰ ৰিপ্লাই নাপালেই কিয় অস্থিৰ হৈ পৰে প্ৰেমিকা?

August 30, 2026 7:00 am
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd