• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৯ৰ পৰা ২০নৱেম্বৰলৈ গুৱাহাটীত ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা : অংশ ল’ব ২৫০ খন বিপনীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2018 3:13 pm
5d81d41c-2bc4-4d14-b971-441112a36287

গুৱাহাটী প্ৰেছ ক্লাৱত মঙলবাৰে অনুষ্ঠিত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু বাক-বিতণ্ডা, প্ৰতিবাদৰ অন্তত অহা ৯ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব ২০ সংখ্যক উত্তৰ-পূব গ্ৰন্থমেলা।

গ্ৰন্থমেলাখনৰ বাবে অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা বুলি সন্থাৰ সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীয়ে জানিবলৈ দিয়ে।

Apply Now

আজি সাংবাদিকৰে হোৱা বাৰ্তালাপত গোস্বামীয়ে কয় যে অহা ৯ নৱেম্বৰৰ বিয়লি তিনি বজাত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিয়ে গ্ৰন্থমেলাখনৰ শুভ উদ্বোধন কৰিব। এই অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলিও উল্লেখ কৰে।

উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে এইবাৰৰ উত্তৰ-পূৱ গ্ৰন্থমেলাত মুঠ ২৫০ খন বিপনী থাকিব। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় প্ৰতিটো সৰু-বৰ প্ৰকাশন গোষ্ঠীয়ে এই গ্ৰন্থমেলাত অংশ গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। ইয়াৰ লগতে দিল্লী, মুম্বাই, গুজৰাটৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ বহুকেইটা আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন প্ৰকাশন গোষ্ঠীয়ে ভাগ লোৱাৰ উপৰিও বাংলাদেশৰ পৰা তিনিটা প্ৰকাশন গোষ্ঠীয়ে অংশ ল’ব বুলি জানিবলৈ দিয়ে।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত লটাৰী অনুষ্ঠিত কৰি অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই বিপনীৰ বাবে আবেদন কৰা প্ৰকাশক তথা ব্যৱসায়িক গোষ্ঠী সমুহক বিপনী সমুহ আৱন্টন দিয়ে।

ইপিনে, প্ৰথম অৱস্থাত এই গ্ৰন্থমেলাখনক লৈ সৃষ্টি হোৱা অচলাৱস্থা দূৰ হোৱা বুলি উল্লেখ কৰি উদ্যোক্তাসকলৰ হৈ ধীৰাজ গোস্বামীয়ে এইক্ষেত্ৰত আগভাগ তথা সহযোগিতা গ্ৰহণ কৰাৰ বাবে মুখ্য মন্ত্ৰী, শিক্ষা মন্ত্ৰীৰ লগতে বিশিষ্ট ব্যক্তি আৰু সংবাদ মাধ্যমলৈ ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে এই গ্ৰন্থমেলাত অসম প্ৰকাশন পৰিষদেও অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

আজি গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থমেলাৰ বিপনী আৱন্টনৰ বাবে আয়োজিত লটাৰীৰ সময়ত উপস্থিত থাকি গ্ৰন্থমেলাখনৰ ৰাজহুৱা উপদেষ্টা সমিতিৰ সদস্য বিমল কুমাৰ হাজৰিকাই কয়, ‘’উত্তৰ-পূব গ্ৰন্থমেলাই এক ৰাজহুৱা অনুষ্ঠানৰ ৰূপ লৈছে। গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ সকলো শ্ৰেণীৰ লোকেই ইয়াক আদৰি লৈছে।‘’

অনুষ্ঠানটোত উপস্থিত থাকি ৰাজহুৱা উপদেষ্টা সমিতিৰ আন এগৰাকী সদস্য জ্যেষ্ঠ অধিবক্তা সত্যেন্দ্ৰ প্ৰসাদ ডেকাই এই গ্ৰন্থমেলাই বৰ্তমান সময়ত অসমত সৃষ্টি হোৱা পৰিস্থিতিৰ বিপৰীতে সমন্বয়ৰ সেঁতু গঢ়িব বুলি মন্তব্য কৰে।

অনুষ্ঠানত ৰাজহুৱা উপদেষ্টা সমিতিৰ সদস্য অধিবক্তা বিষ্ণু প্ৰসাদ কুমাৰ আৰু কে চি দাস বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ঘনশ্যাম নাথেও অংশ লয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am
প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

নুশুনিলে নেতাৰ কাতৰ অনুৰোধ; বিজেপি ত্যাগ কৰাৰ সিদ্ধান্তত অটল দলৰ ‘মোডী ভক্ত’ মুখপাত্ৰ পুনাৱাল্লা

August 17, 2026 12:44 pm
লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd