NORTHEAST NOW (Assamese)

মেঘালয়ৰ স্বল্পখ্যাত পৰ্যটন ক্ষেত্ৰ উন্নীত কৰিব কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰ্যালয়ে

January 12, 2019 9:03 am · এন ই নাও নিউজ

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰ্যালয়ে স্বদেশ দৰ্শন আঁচনিৰ উত্তৰ পূব খণ্ডৰ অন্তৰ্গত মেঘালয়ৰ পৰ্যটন খণ্ডৰ বিকাশ সাধনৰ বাবে ৮৪.৯৫ কোটি টকা মোকোলাই দিছে।

মন্ত্ৰ্যালয়ে অনুমোদন জনোৱা প্ৰকল্পটোৰ ভিতৰত আছে পশ্চিম খাছী পাহাৰৰ (নংখলাও-ক্ৰেম তিৰত-খুদই আৰু কোহমাং ফলছ, খ্ৰী নদী-মওথাদ্ৰাইশ্বান) জয়ন্তীয়া পাহাৰৰ (ক্ৰাং ছুৰি ফলছ-শ্বিৰমাং-লুকছি) গাৰো পাহাৰৰ (নৰেক ৰিজাৰ্ভ, কাট্টা বিল, ছিজু গুহা)

উপৰোক্ত প্ৰকল্পত মেঘালয়ৰ উক্ত জিলা কেইখনৰ স্বল্পক্ষাত পৰ্যটন কেন্দ্ৰসমূহৰ উন্নয়নমূলক কামত মনেযোগ দিয়া হৈছে।

এই প্ৰকল্পৰ জৰিয়তে মন্ত্ৰ্যালয়ে উৎসৱস্থলী, পৰ্যটক সম্বৰ্ধনা কেন্দ্ৰ, লাষ্ট মাইল কানেক্টিভিটী, ৰাজহুৱা যাতায়াত, কেবল ছাছপেনশ্যান দলং, কাফেটেৰিয়া, ট্ৰেকিং ৰুটছ, বোটিঙৰ সুবিধা, ইল্যুমিনেশ্যন, ছলিড ৱে’ষ্ট মেনেজমেণ্ট, খোৱাপানীৰ সুবিধা, কেভিঙৰ সুবিধা, দৰ্শনাৰ্থী কেন্দ্ৰ, দুঃসাহসিক ক্ৰীড়া সুবিধা, ক্ৰাফট হাট আদি গঠন কৰা হ’ব।

Related News