DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জনজাতিকৰণক লৈ অসন্তুষ্ট হাগ্রামা দিল্লীলৈ: সমৰ্থন প্ৰত্যাহাৰ কৰিব নেকি বিপিএফে !

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2019 8:51 am
04-05-18-Mushalpur-Hagrama-Mohilary-address-media-2-1

হাগ্ৰামা মহিলাৰী। ফাইল ফটো

841
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোকলৈ সন্তুষ্ট নহয় বিপিএফ। বিজেপিৰ মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ বিপিএফ জনজাতিকৰণৰ সিদ্ধান্তৰ দিশত এইবাৰ বাধা হৈ থিয় দিছে। নতুনকৈ জনগোষ্ঠীকেইটাৰ জনজাতিকৰণ কৰিলে বড়োসকলে চৰকাৰী সা-সুবিধা লাভত বহুক্ষেত্ৰত বঞ্চিত হোৱাৰ শংকা প্ৰকাশ কৰি বিপিএফে বিজেপিৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে।

এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে দিল্লীলৈ গৈছে। জানিব পৰা মতে, নতুন দিল্লীত উপস্থিত হোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু মন্ত্ৰী চন্দন ব্ৰহ্ময়ো দিল্লীত বাহৰ পাতি আছে।

উল্লেখযোগ্য যে আহোম, চুতীয়া, মৰাণ, মটক, কোঁচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে সংসদত কেন্দ্ৰীয় চৰকাৰে বিধেয়ক উত্থাপন কৰাৰ পাছতেই বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিজেপিক তেওঁৰ অসন্তুষ্টিৰ কথা জনাইছে।

তদুপৰি, বৃহস্পতিবাৰে মুখ্য মন্ত্ৰী সোণোৱাল আৰু হাগ্ৰামাৰ মাজত এই বিষয়টোকলৈ আলোচনাও অনুষ্ঠিত হৈছিল। কিন্তু উক্ত আলোচনাত কোনো ফলপ্ৰসূ সমাধান নোলোৱাত হাগ্ৰামা মহিলাৰীয়ে দিল্লীলৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

আনহাতে, বিপিএফে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ পূৰ্বে বিষয়টোত তেওঁলোকৰ সাংবিধানিক সুৰক্ষা তথা সা-সুবিধাসমূহ অটুট থাকিবনে নাই সেই সম্পৰ্কত স্পষ্ট হ’ব বিচাৰিছে। তদুপৰি, ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বি পি এফক আন্ধাৰত ৰাখিলে তেওঁলোকে বিজেপিৰে মিত্ৰতা ভংগ কৰাৰো ইংগিত বিজেপি নেতৃত্বক দাঙি ধৰিছে বুলি জানিব পৰা গৈছে।

Recent News

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা পৰিবহণ বিভাগৰ উদ্যোগত ‘জাতীয় পতাকাৰ স্বকীয়তা-মৰ্যাদা অক্ষুণ্ণ ৰাখক ‘ শীৰ্ষক সচেতনতামূলক কাৰ্যসূচী

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

Biological clock of human body জৈৱিক ঘড়ীৰ বিষয়ে জানেনে আপুনি?

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd