DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, December 11, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ভাইৰেল ভিডিঅ কাণ্ডৰ তদন্ত কৰিব তিনিজনীয়া মহিলা বিষয়াৰ গোটে

 এন ই নাও নিউজ  ,গুৱাহাটী by এন ই নাও নিউজ ,গুৱাহাটী
September 20, 2022 7:15 am
118
VIEWS
Share on FacebookShare on Twitter

৬০ গৰাকীকৈ ছাত্ৰীৰ স্নানৰ ভিডিঅ’ ভাইৰেল হোৱাৰ বিষয়টো তদন্ত কৰিবলৈ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে কেৱল মহিলাৰে গঠিত তিনিজনীয়া বিশেষ তন্তকাৰী গোট গঠনৰ নিৰ্দেশ দিছে। আৰক্ষীয়ে সোমবাৰেচণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীসকলে উত্থাপন কৰা অভিযোগৰ তদন্তৰ বাবে তিনিজনীয়া বিশেষ অনুসন্ধান দল গঠন কৰাৰ কথা ঘোষণা কৰি কয় যে হোষ্টেলৰে এগৰাকী ছাত্ৰীয়ে কমন ৱাছৰুমত ছাত্ৰীসকলৰ কেইবাটাও আপত্তিজনক ভিডিঅ’ ৰেকৰ্ড কৰাৰ প্ৰমাণ পোৱা গৈছে । আৰক্ষীয়ে লগতে জনায় যে জ্যেষ্ঠ আইপিএছ বিষয়া গুৰপ্ৰীত কৌৰ দেওৰ তত্বাৱধানত এছআইটি গঠন কৰা হৈছে।

পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে কয়, “দলটোৱে গোচৰটোৰ পুংখানুপুংখ তদন্ত কৰিব আৰু জড়িত কোনো ব্যক্তিক সাৰি যাবলৈ দিয়া নহ’ব।।”

ইপিনে সোমবাৰে খাৰাৰ আদালতত হাজিৰ কৰোৱা হয় চণ্ডীগড় বিশ্ববিদ্যালয়ৰ এমএমএছ গোচৰৰ তিনিও অভিযুক্তক । আদালতত ছানী, ৰাংকাজ আৰু অভিযুক্ত ছাত্ৰজনক হাজিৰ কৰোৱা হয় । তিনিওজন অভিযুক্তক কঠোৰ নিৰাপত্তা ব্যৱস্থাৰে খাৰা আদালতলৈ নিয়া হয় ।

এগৰাকী যুৱতীকে ধৰি তিনিজনকে চিমলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁলোকৰ বিৰুদ্ধে ধাৰা ৩৫৪চি আৰু তথ্য প্ৰযুক্তি আইনৰ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল । আনহাতে, এমএমএছ গোচৰৰ তিনিওজন অভিযুক্তকে ৭ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে । ছানী, ৰংকাজ সিং আৰু অভিযুক্ত ছাত্ৰীগৰাকীক আদালতত হাজিৰ কৰোৱা হয় । উল্লেখ্য, বিগত দুদিন ধৰি এমএমএছ কাণ্ডই উত্তাল কৰি ৰাখিছে চণ্ডীগড় বিশ্ববিদ্যালয় ।চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীনিবাসৰ ৬০ গৰাকী ছাত্ৰীয়ে স্নান কৰি থকাৰ দৃশ্য ইন্টাৰনেটত ভাইৰেল হোৱাৰ পিছতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে।এনে আচৰিত ঘটনাৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে চহৰ খন৷ ছদিনৰ বাবে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ সকলো শ্ৰেণী বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।

প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত মাজনিশা শিক্ষাৰ্থীসকলে প্ৰতিবাদ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ইপিনে ভিডিঅ’ ভাইৰেলৰ ঘটনাকলৈ আৰক্ষীয়ে এতিয়ালৈকে তিনিগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ভিডিঅ’ ৰেকৰ্ডিং কৰা ছাত্ৰীগৰাকী, তেওঁৰ চিমলাত থকা বন্ধুজনো আছে। ইয়াৰ মাজতে চণ্ডীগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ভিডিঅ’ ভাইৰেল হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

কেইবাগৰাকীও ছাত্ৰীৰ কিছুমান আপত্তিজনক ভিডিঅ’ ৰেকৰ্ড কৰি অনলাইনত পোষ্ট কৰাৰ খবৰকলৈ লৈ পঞ্জাৱৰ মোহালিৰ চৌহদত উত্তেজনা বিয়পি পৰিছে।ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ভগৱন্ত মানে ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিয়ে আৰু কয় যে দোষী সাব্যস্ত হোৱা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। তেওঁ কয় ” চণ্ডীগড় বিশ্ববিদ্যালয়ৰ দুৰ্ভাগ্যজনক ঘটনাটোৰ বিষয়ে শুনি দুখ লাগিছে… আমাৰ ছোৱালীবোৰ আমাৰ গৌৰৱ… ঘটনাটোৰ এক উচ্চ-স্তৰৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে… যিদোষী সাব্যস্ত হয় তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব,” । মানে আজি টুইটাৰত এই কথা কয়।মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাটো সন্দৰ্ভত প্ৰশাসনৰ সৈতে যোগাযোগ কৰিথকা বুলিও উল্লেখ কৰে। তেওঁ লগতে উৰাবাতৰি বিশ্বাস নকৰিবলৈ সকলোকে আহ্বান জনায়।

Recent News

ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ মূল্যৱান হাতীৰ দাঁত : দুজনক গ্ৰেপ্তাৰ

ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ মূল্যৱান হাতীৰ দাঁত : দুজনক গ্ৰেপ্তাৰ

দিশপুৰ মহাবিদ্যালয়ত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সমাৰোহৰ আয়োজন

দিশপুৰ মহাবিদ্যালয়ত দক্ষিণ-পূব এছিয়া সাংস্কৃতিক সমাৰোহৰ আয়োজন

৩৭০ বাতিল বৈধ, জম্মু-কাশ্মীৰক দিব লাগিব ৰাজ্যৰ মৰ্যাদা : উচ্চতম ন্যায়ালয়

৩৭০ বাতিল বৈধ, জম্মু-কাশ্মীৰক দিব লাগিব ৰাজ্যৰ মৰ্যাদা : উচ্চতম ন্যায়ালয়

বিজেপিৰ বৰ্ণবাদৰ বলি হ’ল খোদ বিজেপিৰেই দলিত বিধায়ক

বিজেপিৰ বৰ্ণবাদৰ বলি হ’ল খোদ বিজেপিৰেই দলিত বিধায়ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd