• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩০ অক্টোৱৰ আহিলেই গা শিয়ৰি উঠে কনিষ্টবল হৰিদাস কলিতাৰ, কিয়?

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
October 30, 2021 3:08 pm
2k
VIEWS
Share on FacebookShare on Twitter

আজি ৩০ অক্টোৱৰ ৷ এই দিনটো আহিলেই গা শিয়ৰি উঠে বহুতৰে ৷

২০০৮ চনৰ এই দিনটো ৰাজ্যবাসীৰ বাবে এটা অভিশপ্ত দিন হিচাপে চিহ্নিত হৈ ৰৈছে ৷

কাৰণ সন্ত্ৰাসবাদত বিশ্বাসী একাংশই এই দিনটোতে ৰাজ্যখনৰ গুৱাহাটী, বৰপেটাৰোড, বঙাইগাঁও আৰু কোকৰাঝাৰত ধাৰাবাহিক ভয়ংকৰ বোমা বিস্ফোৰণেৰে প্ৰাণ কাঢ়ি নিছিল ৮১ জনকৈ নিৰীহ লোকৰ ৷ সেইদৰে আহত হৈছিল ৪৭০ জনকৈ লোক ৷

ক’লা দিন হিচাবে চিহ্নিত এই দিনটোক পাহৰিব নোৱাৰে ৰাজ্যবাসীয়ে ৷ সন্ত্ৰাসবাদৰ বীভৎস ৰূপ সেইদিনা দেখা পাইছিল ৰাজ্যবাসীয়ে ৷ উল্লেখ্য যে উক্তদিনা বঙাইগাঁও চহৰত সংঘটিত বোমাৰ বিস্ফোৰণত কোনো লোক নিহত হোৱা নাছিল যদিও কম বেছি পৰিমাণে আহত হৈছিল আৰক্ষী, সেনা বাহিনী, অৰ্ধ সামৰিক বাহিনী, সাংবাদিক আৰু সাধাৰণ লোকসহ ১২ জন লোক ৷

আহত হৈছিল এই প্ৰতিবেদকো ৷ কিন্তু উক্ত দিনা হৰিদাস কলিতা নামৰ আৰক্ষী কনিষ্টবলজনৰ তৎপৰতা তথা কৰ্তব্যনিষ্ঠাৰ বাবেই ৰক্ষা পৰিছিল বহুতৰ জীৱন৷ সেই সময়ত যান বাহন শাখাত কৰ্মৰত আছিল কনিষ্টবলজন ৷ ৩০ অক্টোৱৰ আহিলেই তেওঁৰ গা আজিও শিয়ৰি উঠে ৷ স্বচক্ষে দেখা বিস্ফোৰণৰ দৃশ্যক পাহৰিব নোৱাৰে কোনোদিনে ৷

৩০ অক্টোৱৰৰ দিনটোক মনত পেলাই আৰক্ষী কনিষ্টবল হৰিদাস কলিতাই কৈ গ’ল এফালৰ পৰা ক’ত, কেনেকৈ বোমাটো উদ্ধাৰ হৈছিল , পিছত ক’ত বিস্ফোৰিত হৈছিল আদি ৷

সিদিনা আছিল ২০০৮ চনৰ ৩০ অক্টোৱৰ ৷ কালী পূজা আৰু দীপাৱলীৰ চাৰিওফালে আনন্দোৎসৱ৷ এনে দিনতে পুৱা নিজৰ কৰ্তব্যস্থলীলৈ বুলি আহিছিল কনিষ্টবল হৰিদাস কলিতা ৷

সিদিনা চহৰখনৰ পাগলাস্থানৰ পেট্ৰল ডিপোৰ সন্মুখত কৰ্তব্য পালনৰ দায়িত্ব পৰিছিল তেওঁৰ ওপৰত৷ সেয়ে পুৱা আঠ বজাত উপস্থিত হৈছিল তেওঁ ৷ কনিষ্টবলজন উপস্থিত হোৱাৰ কিছু সময় পিছতে বান্থিয়া ষ্টোৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লোকে কনিষ্টবলজনক তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ প্ৰায় সন্মুখত কোনো লোকে মটৰ চাইকেল এখন এৰি থৈ যোৱা বুলি জনায় ৷ সেই সময়ত ৰাজ্যখনত সংঘটিত হৈ আছিল সন্ত্ৰাসবাদী কাৰ্য কলাপ ৷

সেয়ে লগে লগে কনিষ্টবল কলিতাই এ এছ ২৫ জি ৭০৩৪ নম্বৰৰ ৰঙা ৰঙৰ আন জিলাৰ পঞ্জীয়নভুক্ত পালছাৰ মটৰ চাইকেলখনৰ ওচৰ চাপি ভালকৈ চোৱাত ডিকিত পলিথিনেৰে বন্ধা এটা এমুনেচন বক্স প্ৰত্যক্ষ কৰি সেয়া বোমা বুলি সন্দেহ কৰে আৰু বিষয়টো আৰক্ষীৰ উৰ্ধতম কৰ্তৃপক্ষক অৱগত কৰে ৷

খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়া সকল উপস্থিত হৈ পৰীক্ষা নিৰীক্ষা কৰি সেয়া বোমা বুলি নিশ্চিত হোৱাত এখন ক্ৰেনৰ সহায়ত মটৰচাইকেলসহ বোমাটো ওচৰতে থকা ৰে’লৱে ইঞ্জিনীয়াৰিং ৱৰ্কশ্বপৰ সন্মুখৰ মুকলি ঠাইলৈ লৈ যায় আৰু বোমা বিশেষজ্ঞ অহালৈ ব্লেংকেটেৰে ঢাকি ৰাখে যদিও দিনৰ প্ৰায় ১১- ৩০ বজাত ৰাজ্যজুৰি ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হোৱাৰ সময়তে বঙাইগাৱত উদ্ধাৰ হোৱা বোমাটোৰো বিস্ফোৰণ ঘটে ৷

নিষ্ক্ৰিয় কৰাৰ যা -যোগাৰ কৰাৰ আগ মূহুৰ্ততে বোমাটো বিস্ফোৰণ হোৱাত সেই সময়ত কৰ্তব্যৰত আৰক্ষী, চি আৰ পি এফ,সেনা আৰু সাংবাদিকসহ ১২ জন লোক আহত হয় ৷

কিন্তু ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে বঙাইগাঁও ৷পিছত বোমা উদ্ধাৰ কৰা আৰক্ষীৰ কনিষ্টবল হৰিদাস কলিতাক আৰক্ষী বিভাগৰ সেই সময়ৰ আৰক্ষী অধীক্ষক লাচিত বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মনে প্ৰশংসাশ কৰি ধন্যবাদ জনাইছিল ৷ আনহাতে সম্বৰ্ধনাও জনোৱা হৈছিল তেওঁক৷ কনিষ্টবল হৰিদাস কলিতাই উক্তদিনা নিজৰ কৰ্তব্য সঠিক মতে কৰা বাবেই বিস্ফোৰণৰ পৰা বহুতৰ জীৱন ৰক্ষা পৰিছিল ৷

এনেদৰে ৰক্ষা পৰিছিল অধিক ক্ষয় – ক্ষতিৰ পৰা ৷ কাৰণ প্ৰথমে বোমাসহ মটৰ চাইকেলখন থকা স্থানত যদি বোমাটো বিস্ফোৰিত হ’লহেতেন তেনেহলে সন্মুখতে আছিল পেট্ৰল ডিপোটো ৷

তাৰোপৰি মূল ৰাজপথৰ ওচৰতে হোৱা বাবে বিস্ফোৰণ সংঘটিত হলে পথেৰে অহা – যোৱা কৰা লোকৰ লগতে যান – বাহনৰ ক্ষতি হৈ ভয়াৱহ পৰিস্থিতি হ’লহেতেন ৷

সেয়ে বঙাইগাঁওবাসীক ভয়ংকৰ বিপদৰ পৰা তথা বহুতৰ জীৱন ৰক্ষা কৰিবলৈ পাই আৰক্ষী কনিষ্টবল হৰিদাস কলিতাই নিজকে ধন্য মানিব পাৰিছে।৩০ অক্টোৱৰ আহিলেই আজিও তেওঁ ভয় আৰু শংকিত হৈ পৰে সেই দিনটোলৈ মনত পেলাই ৷

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd