নতন কৃষি আইনৰ বিৰুদ্ধে তীব্ৰ ৰূপত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ কাষত ঠিয় দিছে দেশৰ সকলো স্তৰৰ লোক।
ইয়াৰ মাজতে আজি এই কৃষি আইনৰ বিৰোধিতাত কেইবাজনো প্ৰাক্তন আৰু বৰ্তমানৰ খেলুৱৈয়ে নিজৰ নিজৰ বঁটা সমূহ ঘূৰাই দিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ ৰাওনা হয়।
অৱশ্যে খেলুৱৈসকলৰ বঁটা ঘূৰাই দিয়া কাৰ্যত বাধা প্ৰদান কৰে আৰক্ষীয়ে।
৩০ গৰাকী খেলুৱৈৰ এই দলটোৱে ৰাষ্ট্ৰপতিক সাক্ষ্যৎ কৰি কৃষি আইন কেইখনৰ বিৰোধিতাত চৰকাৰে প্ৰদান কৰা বঁটা সমূহ ঘূৰাই দিবলৈ ইচ্ছা প্ৰকাশ কৰে।
বঁটা ঘূৰাই দিবলৈ যোৱা খেলুৱৈৰ দলটোত ১৯৮২ চনত অৰ্জুন পুৰস্কাৰ আৰু ১৯৮৭ চনত পদ্মশ্ৰী বঁটা প্ৰাপক কৰতাৰৰ লগতে অলিম্পিকত স্বৰ্ণ পদক বিজয়ী দলৰ সদস্য প্ৰাক্তন হকী খেলুৱৈ গুৰমেল সিং আৰু মহিলা হকী দলৰ প্ৰাক্তন অধিনায়ক ৰাজৱীৰ ক’ৰ আদি উপস্থিত থাকে।
গুৰমেলক ২০১৪ চনত ধ্যানচন্দ পুৰস্কাৰ আৰু ৰাজবীৰক ১৯৮৪ চনত অৰ্জন পুৰস্কাৰেৰে সন্মানিত কৰিছিল।
১৯৭৮ আৰু ১৯৮৬ চনৰ এছিয়া গেইমছত স্বৰ্ণ পদক বিজয়ী কৰতাৰে কয়, ‘কৃষকসকলে সদায় আমাৰ লগত থাকে। কৃষক ভাইসকলৰ ওপৰত লাঠী চলোৱা দেখি আমাৰ দুখ লাগে। কৃষকসকলে নিজৰ অধিকাৰৰ বাবে এই শীততো ৰাস্তাত বহি আছে’।
তেওঁ লগতে কয়, ‘মই কৃষকৰ ল’ৰা আৰু এতিয়াও মই খেতি কৰো’।
বঁটা ঘূৰাই দিবলৈ যোৱা খেলুৱৈসকলৰ লগত আৰু বহুতো বঁটা প্ৰাপক খেলুৱৈৰ সমৰ্থন আছে বুলিও জানিব পৰা গৈছে।
ইফালে খেলৰত্ন পুৰস্কাৰ প্ৰাপক তথা বক্সিঙত ভাৰতৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী বিজেন্দৰ সিঙেও কৃষকসকলৰ এই আন্দোলনক সমৰ্থন জনাই প্ৰয়োজনত নিজৰ বঁটা ঘূৰাই দিম বুলি হুংকাৰ দিছিল।
উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰোধিতাত পঞ্জাৱ আৰু হাৰিয়ানাৰ হাজাৰ হাজাৰ কৃষকে নতুন দিল্লীৰ বিভিন্ন সীমান্তত যোৱা কিছু দিনৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছে।