• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘এছএলএ চি’য়ে প্ৰশিক্ষণ প্ৰদান কৰা ৪৫ গৰাকী প্ৰাৰ্থী অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 28, 2020 7:34 am

2 min read

DgoxVgzU8AAHMG4

ছাত্ৰ আৰু যুৱ কল্যান উপদেষ্টা পৰিষদৰ বৈঠকত মুখ্যমন্ত্ৰী সোণোৱাল। ফাইল ফটো: সৌজন্য-টুইটাৰ।

307
VIEWS
Share on FacebookShare on Twitter

ছাত্ৰ আৰু যুৱ কল্যান উপদেষ্টা পৰিষদৰ বাবে এক সুখবৰ। ২৪ ডিচেম্বৰত অসম লোকসেৱা আয়োগে ঘোষণা কৰা ২০১৮ বৰ্ষৰ ফলাফলত ছাত্ৰ আৰু যুৱ কল্যান উপদেষ্টা পৰিষদে (এছএলএচি) প্ৰশিক্ষণ প্ৰদান কৰা ১৪০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৪৫ গৰাকীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা উপদেষ্টা পৰিষদৰ অধ্যক্ষ সৰ্বানন্দ সোনোৱালৰ বিশেষ নিৰ্দেশত সদস্য সচিব লক্ষ্য কোঁৱৰে ২০১৭ চনৰ পৰাই এই বিনামুলীয়া প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে।

২০১৭ চনত এই প্ৰশিক্ষণ লাভ কৰা ৩৪ জনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। ক্ৰমাগতভাৱে উপদেষ্টা পৰিষদে তৃতীয়বাৰৰ বাবে আৰম্ভ কৰা এইবাৰৰ প্ৰশিক্ষণত প্ৰায় ১০০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহণশীল ব্যৱস্থাৰ ফলতেই বিগত ২০১৮ বৰ্ষৰ দৰে এইবাৰো এ পি এচ চিৰ ফলাফল বিতৰ্কমুক্ত হোৱাৰ লগতে মেধাসম্পন্ন সকলো ছাত্ৰ-ছাত্ৰীয়ে প্ৰশাসনিক বিষয়াৰ পদ পাবলৈ সক্ষম হোৱা বুলি দেওবাৰে সংবাদমেলত উপস্থিত থকা বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে প্ৰকাশ কৰিছে।

সংবাদমেলখন সম্বোধন কৰি ছাত্ৰ আৰু যুৱ কল্যান উপদেষ্টা পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰে আগন্তুক দিনত এ পি এছ চি, ইউ পি এছ চিৰ লগতে উপদেষ্টা পৰিষদে বেংক, এছ এছ চিৰো প্ৰশিক্ষণৰ দিহা কৰিব বুলি সদৰী কৰে।

লক্ষ্য কোঁৱৰৰ সৈতে সংবাদমেলত উপস্থিত থকা ১০ গৰাকী এ পি এছ চি উত্তীৰ্ণ প্ৰাৰ্থীয়ে সৰ্বানন্দ সোণোৱালৰ দুৰ্নীতি বিৰোধী স্থিতিক উষ্ম আদৰণি জনোৱাৰ লগতে যুৱ প্ৰজন্মৰ এ পি এছ চিৰ প্ৰতি মনোভাৱ ইতিবাচক হোবা বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, এইবাৰৰ অসম লোকসেৱা আয়োগে ঘোষণা কৰা ফলাফলত ছাত্ৰ আৰু যুৱকল্যান উপদেষ্টা পৰিষদে প্ৰশিক্ষণ প্ৰদান কৰা কংকনজ্যোতি শইকীয়াই এ চি এছৰ প্ৰথম স্থান দখল কৰাৰ সমান্তৰালভাৱে জিন্তু শৰ্মাই দ্বিতীয় স্থান আৰু নিমাশ্ৰী ডাউকাই তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd