ক’ৰ’ণাৰ ভেকচিন তৈয়াৰ কৰিবলৈ হত্যা কৰা হব ৫ লাখ হাঙৰ

500719330

500719330

কোভিডৰ ভেকচিন আৱিষ্কাৰৰ বাবে বিশ্বৰ ১৭৬ খন দেশৰ বিজ্ঞানীয়ে উদয়াস্ত চেষ্টা অব্যাহত ৰাখিছে।

বিশ্বৰ বহু কেইখন দেশে ইতিমধ্যে ভেকচিন আৱিষ্কাৰৰ দিশত ভালে খিনি অগ্ৰগতিও লাভ কৰিছে ।

এনে সময়তে বিশ্বৰ প্ৰকৃতপ্ৰেমী লোকসকলক উদ্বিগ্ন কৰিব পৰা এক খবৰ আহিছে।

খবৰ অনুসৰি মহাব্যাধি ক’ৰ’ণাৰ ভেকচিন প্ৰস্তুত কৰাৰ স্বাৰ্থতে হত্যা কৰা হব পাৰে ৫ লক্ষাধিক হাঙৰ।

হাঙৰৰ সুৰক্ষাৰ বাবে নিৰন্তৰ কাম কৰি অহা ‘ছাৰ্ক আল্যায়েজ’ নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে উল্লেখ কৰা অনুসৰি কোভিডৰ ভেকচিনৰ কাৰ্যকাৰীতা বৃদ্ধিৰ বাবে ভেকচিনত বিজ্ঞানীসকলে স্কোৱালিন নামৰ এবিধ বিশেষ পদাৰ্থ মিহলি কৰাৰ সিদ্ধান্ত লৈছে।

স্কোৱালিনে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যাদুকৰী ভাবে বৃদ্ধি কৰে।

লক্ষ্যণীয় কথাটো হ’ল এই স্কোৱালিন নামৰ পদাৰ্থ বিধ আকৌ পোৱা যায় হাঙৰৰ তেলতহে।

সংস্থাটোৰ মতে সমগ্ৰ বিশ্বৰ বাবে প্ৰথম পৰ্যায়ত কোভিডৰ ভেকচিন প্ৰস্তুত কৰিবলৈ ভেকচিনত যি পৰিমাণৰ স্কোৱালিন মিহলাব লাগিব সেয়া পাবলৈ কমেও আঢ়ৈ লাখ হাঙৰ হত্যা কৰিব লাগিব।

একেদৰে দ্বিতীয় পৰ্যায়ত ভেকচিন প্ৰস্তুত কৰিবলৈ আৰু আঢ়ৈ লাখ হাঙৰ হত্যা কৰাটো প্ৰয়োজনীয় হৈ পৰিব।

এনে পৰিস্থিতিত প্ৰথম অৱস্থাতেই ভেকচিনৰ বাবে প্ৰায় ৫ লাখ হাঙৰ হত্যা কৰিব লাগিব।

উল্লেখ্য ১ টন স্কোৱালিন পাবলৈ কমেও ৩ হাজাৰ টা হাঙৰ হত্যা কৰিব লাগিব।

ভেকচিনৰ বাবেই এনেদৰে হাঙৰ হত্যাৰ চিন্তাডচৰ্চা চলাৰ বিষয়টোকলৈ সেয়ে গভীৰ উদ্বেগ ব্যক্ত কৰিছে প্ৰকৃতি সংগঠনটোৱে।

ইপিনে বিজ্ঞানীসকলে স্কোৱালিনৰ কোনো বিকল্প উৎসৰ সন্ধান কৰিব পাৰি নেকি সেই বিষয়ে চিন্তা কৰা বুলিও জনা গৈছে।