• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিয়ন্ত্ৰণহীন পেট্র’ল ডিজেলৰ মূল্য : ৫০ শতাংশ বৃদ্ধি পাব যান-বাহনৰ ভাৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2018 8:00 am
CityBus-768x431

প্ৰতিনিধিত্বমূলক ছবি

240
VIEWS
Share on FacebookShare on Twitter

পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছ, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ পাছত এইবাৰ বৃদ্ধি পাব সকলো শ্ৰেণীৰ ব্যৱসায়িক যান-বাহনৰ ভাৰা। অহা ৩ অক্টোবৰৰ পৰা ৰাজ্যজুৰি ব্যাৱসায়িক যান-বাহনৰ ভাৰা বৃদ্ধি পাব। বৰ্তমানৰ ভাৰাৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ ভাৰা বৃদ্ধি পাব।

ইতিমধ্যে সদৌ অসম মটৰ পৰিবহণ সন্থাই ৫০ শতাংশ ভাৰা বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা শুকুৰবাৰে অসম চৰকাৰৰ পৰিবহণ বিভাগক অৱগত কৰিছে। নিয়মিতভাৱে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পাই অহা সত্ত্বেও ভাৰা বৃদ্ধিৰ বাবে পৰিবহণ বিভাগে কোনো সিদ্ধান্ত গ্ৰহণ নকৰাত সদৌ অসম মটৰ পৰিবহণ সন্থাই নিজাববীয়া সিদ্ধান্ত গ্ৰহণ কৰি শুকুৰবাৰে পৰিবহণ বিভাগৰ যুটীয়া আয়ুক্তক ভাৰা বৃদ্ধিৰ সিদ্ধান্তৰ কথা অৱগত কৰে।

সদৌ অসম মটৰ পৰিবহণ সন্থাই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি অহা ৩ অক্টোবৰৰ পৰা প্ৰতিজন যাত্ৰীয়ে অতিৰিক্ত ৫০ শতাংশ ভাৰা আদায় দিব লাগিব। মহানগৰীৰ চিটি বাছৰ যাত্ৰীয়ে ন্যূনতম ৭.৫০ টকা ভৰিব লাগিব। এটা এক কি’লমিটাৰ অঞ্চল চিটি  বাছত ভ্ৰমণ কৰিবলৈও আদায় দিব লাগিব ৭.৫০ টকা।

একেদৰে ৰাজ্যৰ আন যাত্ৰীবাহী যান-বাহনতো যাত্ৰীয়ে অতিৰিক্ত ৫০ শতাংশ ধন  আদায় দিব লাগিব। যিবোৰ যান-বাহনে বৰ্তমান ১০০ টকা ভাৰা আদায় কৰি আহিছে, সেইবোৰ যান-বাহনে ৩ অক্টোবৰৰ পৰা ১৫০ টকাকৈ আদায় কৰিব।  মটৰ পৰিবহণ সন্থাই প্ৰতিখন যান-বাহনৰ ক্ষেত্ৰত এই নতুন নিৰিখ আদায় কৰিবলৈ সাজু হৈছে।

পৰিবহণ আয়ুক্তলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰত সন্থাৰ সচিব প্ৰধান প্ৰদীপ দাসে কয় যে ২০১২ চনৰ ১১ অক্টোবৰত শেষবাৰৰ বাবে অসম চৰকাৰে ব্যাৱসায়িক যান-বাহনৰ ভাৰা নিৰ্ধাৰণ কৰিছিল। সাধাৰণতে একক সিদ্ধান্তৰে পৰিবহণ সন্থাসমূহে ভাৰা বৃদ্ধি কৰিব নোৱাৰে যদিও ৰাজ্য চৰকাৰে কোনো সিদ্ধান্ত নোলোৱা বাবে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিত অতিষ্ঠ হৈ সন্থাই নিজাববীয়া সিদ্ধান্তৰে ভাৰা বৃদ্ধিৰ সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰিছে।

উল্লেখযোগ্য যে দাসে জানিব দিয়া মতে যোৱা ৩১ আগষ্টত সন্থাই পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক সাক্ষাৎ কৰি ভাৰা বৃদ্ধিৰ দাবী উত্থাপন কৰিছিল। সংগঠনটোৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মন্ত্ৰী পাটোৱাৰীয়ে নতুনকৈ ভাৰা নিৰ্ধাৰণৰ প্ৰতিশ্ৰুতিও দিছিল। কিন্তু  পেট্ৰ’ল-ডিজেলৰ নিয়ন্ত্ৰণহীন মূল্য বৃদ্ধি হৈ থকাৰ পাছতো চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ৫০ শতাংশ ভাৰা বৃদ্ধিৰ নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰি শুকুৰবাৰে পৰিবহণ বিভাগক তেওঁলোকৰ সিদ্ধান্তৰ কথা জনাই দিয়ে।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd