দেশত চলি থকা ডিজিটেল প্ৰৱঞ্চনাৰ ঘটনাই এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সোমবাৰে এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৫৪,০০০ কোটিৰো অধিক ধনৰ ডিজিটেল প্ৰৱঞ্চনাক কেৱল অপৰাধ নহয়, বৰঞ্চ ইয়াক পোনপটীয়া ‘ডকাইতি’ বুলি অভিহিত কৰিছে। দেশৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ এন. ভি. আঞ্জাৰিয়াৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰক এই সমগ্ৰ বিষয়টো চম্ভালিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহ আৰু টেলিকম বিভাগৰ সৈতে আলোচনা কৰি অতি সোনকালে এক নিৰ্দিষ্ট নিৰ্দেশনাৱলী (SOP) প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে।
শীৰ্ষ আদালতখনে উদ্বেগ প্ৰকাশ কৰি মন্তব্য কৰে যে ডিজিটেল প্ৰৱঞ্চনাৰ জৰিয়তে লুণ্ঠন কৰা ধনৰ পৰিমাণ দেশৰ বহু সৰু ৰাজ্যৰ বাৰ্ষিক বাজেটতকৈও অধিক। বিচাৰপীঠৰ মতে, বেংক বিষয়াসকলৰ গাফিলতি বা দুৰ্নীতিৰ বাবেই এনে অপৰাধ সংঘটিত হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে, আৰবিআই আৰু বেংকসমূহক অধিক সজাগ হৈ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰিবলৈ আদালতৰ তৰফৰ পৰা জোৰ দিয়া হৈছে।
গৃহ মন্ত্ৰালয়ক আগন্তুক চাৰি সপ্তাহৰ ভিতৰত টেলিকম বিভাগ আৰু আৰবিআই-ৰ সৈতে মিলি এখন খচৰা বুজাবুজি চুক্তি প্ৰস্তুত কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি, চিবিআইক দেশজুৰি সংঘটিত হোৱা ‘ডিজিটেল এৰেষ্ট’ৰ গোচৰসমূহ চিনাক্ত কৰিবলৈ কোৱা হৈছে। এই সন্দৰ্ভত দিল্লী আৰু গুজৰাট চৰকাৰক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক প্ৰয়োজনীয় সহযোগিতা আৰু তদন্তৰ অনুমতি আগবঢ়াবলৈ নিৰ্দেশ দিয়া হৈছে।
আদালতে ডিজিটেল প্ৰৱঞ্চনাৰ বলি হোৱা লোকসকলক ক্ষতিপূৰণ দিয়াৰ বাবে এক উদাৰ আৰু বাস্তৱসন্মত দৃষ্টিভগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত এক নিৰ্দিষ্ট কাঠামো প্ৰস্তুত কৰিবলৈ আৰবিআই আৰু টেলিকম বিভাগক এক যুটীয়া বৈঠক অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে। ইয়াৰ পূৰ্বে ১ ডিচেম্বৰৰ শুনানিত আদালতে ছাইবাৰ অপৰাধীৰ বেংক একাউণ্ট চিনাক্ত কৰিবলৈ আৰু ধনৰ লেনদেন বন্ধ কৰিবলৈ কিয় কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰা হোৱা নাই বুলিও আৰবিআইক প্ৰশ্ন কৰিছিল।
উল্লেখ্য যে, ডিজিটেল এৰেষ্ট হৈছে এক নতুন ধৰণৰ ছাইবাৰ অপৰাধ। ইয়াত প্ৰৱঞ্চকসকলে নিজকে আৰক্ষী, আদালতৰ বিষয়া বা চৰকাৰী বিভাগৰ লোক বুলি পৰিচয় দি অডিঅ’ বা ভিডিঅ’ কলৰ জৰিয়তে ভুক্তভোগীক ভয় খুৱাই বন্দী কৰি ৰাখে আৰু বৃহৎ অংকৰ ধন দাবী কৰে।
উচ্চতম ন্যায়ালয়ে এই গোচৰৰ পৰৱৰ্তী শুনানি চাৰি সপ্তাহৰ পাছত ধাৰ্য কৰিছে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক এই সময়ছোৱাৰ ভিতৰত সমগ্ৰ বিষয়টোৰ অগ্ৰগতি সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।





