NORTHEAST NOW (Assamese)

৫৫ বছৰীয়া স্বামী, ২৩ বছৰীয়া পত্নী : ২১ বছৰীয়া সন্তানে মাহী মাকৰ লগত কৰিলে জঘন্য কাণ্ড

May 8, 2026 3:05 pm · এন ই নাও নিউজ, গুৱাহাটী

নাগপুৰত এটা অতি লজ্জাজনক তথা চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনা পোহৰলৈ আহিছে। এজন ২১ বছৰীয়া কলেজীয়া ছাত্রই নিজৰ ২৬ বছৰীয়া সতীয়া মাকক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে। এই নিৰ্যাতনৰ ফলত মহিলাগৰাকী চাৰি মাহৰ অন্তঃসত্ত্বা হৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত যুৱকজনক আটক কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে।

আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰ অনুসৰি, ২০২৪ চনত চাকৰি বিচাৰি থকা অৱস্থাত এই মহিলাগৰাকীৰ চিনাকি হৈছিল ৫৫ বছৰীয়া বিকাশ শ্ৰীবাস্তৱ নামৰ এজন ব্যক্তিৰ সৈতে। বিকাশ শ্ৰীবাস্তৱ এটা ব্যক্তিগত বেংকৰ পৰিচালক হিচাপে কৰ্মৰত আছিল। লাহে লাহে তেওঁলোকৰ মাজত সম্পৰ্ক গঢ়ি উঠে আৰু শেষত তেওঁলোকে বিবাহপাশত আবদ্ধ হয়। কিন্তু বিকাশৰ ২১ বছৰীয়া পুত্ৰ অক্ষতে এই বিবাহ কোনো কাৰণতে মানি লব পৰা নাছিল।

অভিযোগ অনুসৰি, বিবাহৰ পাছৰ পৰাই সেই পৰিয়ালটোত প্ৰায়েই কাজিয়াৰ সৃষ্টি হৈছিল। অক্ষতে মহিলাগৰাকীৰ ওপৰত চৰম শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল। এই নিৰ্যাতনৰ বিষয়ে মহিলাগৰাকীয়ে পূৰ্বেও আৰক্ষীক অৱগত কৰিছিল। চলিত বৰ্ষৰ ১০ এপ্ৰিলত অক্ষতে মহিলাগৰাকীৰ কোঠাত সোমাই তেওঁক বলপূৰ্বকভাৱে যৌন নিৰ্যাতন চলায়। কেৱল সিমানেই নহয়, এই ঘটনাৰ পাছত যুৱকজনে মহিলাগৰাকীক প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰিছিল।

ভুক্তভোগী মহিলাগৰাকীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে নিজৰ স্বামী বিকাশক জনাইছিল। কিন্তু আচৰিত ধৰণে স্বামীয়ে পত্নীক সহায় কৰাৰ পৰিৱৰ্তে সামাজিক মৰ্যাদা ৰক্ষা কৰিবলৈ আৰু পুত্ৰৰ শিক্ষা জীৱনৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁক মনে মনে থাকিবলৈহে পৰামৰ্শ দিয়ে। স্বামীৰ পৰা কোনো সহযোগিতা লাভ নকৰি মহিলাগৰাকীয়ে অৱশেষত আইনৰ সহায় লবলৈ বাধ্য হয়।

মহিলাগৰাকীয়ে নিজেই স্থানীয় থানাত গৈ অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে আৰু তদন্ত আৰম্ভ কৰে। তদন্তৰ পাছত আৰক্ষীয়ে অভিযুক্ত অক্ষতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিজৰ ঘৰৰ ভিতৰতে এগৰাকী মহিলা এনেদৰে নিৰ্যাতিতা হবলগীয়া হোৱা কথাই বৰ্তমান সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

Related News