• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

৫৫ বছৰীয়া স্বামী, ২৩ বছৰীয়া পত্নী : ২১ বছৰীয়া সন্তানে মাহী মাকৰ লগত কৰিলে জঘন্য কাণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 8, 2026 3:05 pm
691
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগপুৰত এটা অতি লজ্জাজনক তথা চাঞ্চল্যৰ সৃষ্টি কৰা ঘটনা পোহৰলৈ আহিছে। এজন ২১ বছৰীয়া কলেজীয়া ছাত্রই নিজৰ ২৬ বছৰীয়া সতীয়া মাকক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে। এই নিৰ্যাতনৰ ফলত মহিলাগৰাকী চাৰি মাহৰ অন্তঃসত্ত্বা হৈছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত যুৱকজনক আটক কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে।

আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰ অনুসৰি, ২০২৪ চনত চাকৰি বিচাৰি থকা অৱস্থাত এই মহিলাগৰাকীৰ চিনাকি হৈছিল ৫৫ বছৰীয়া বিকাশ শ্ৰীবাস্তৱ নামৰ এজন ব্যক্তিৰ সৈতে। বিকাশ শ্ৰীবাস্তৱ এটা ব্যক্তিগত বেংকৰ পৰিচালক হিচাপে কৰ্মৰত আছিল। লাহে লাহে তেওঁলোকৰ মাজত সম্পৰ্ক গঢ়ি উঠে আৰু শেষত তেওঁলোকে বিবাহপাশত আবদ্ধ হয়। কিন্তু বিকাশৰ ২১ বছৰীয়া পুত্ৰ অক্ষতে এই বিবাহ কোনো কাৰণতে মানি ল’ব পৰা নাছিল।

Apply Now

অভিযোগ অনুসৰি, বিবাহৰ পাছৰ পৰাই সেই পৰিয়ালটোত প্ৰায়েই কাজিয়াৰ সৃষ্টি হৈছিল। অক্ষতে মহিলাগৰাকীৰ ওপৰত চৰম শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল। এই নিৰ্যাতনৰ বিষয়ে মহিলাগৰাকীয়ে পূৰ্বেও আৰক্ষীক অৱগত কৰিছিল। চলিত বৰ্ষৰ ১০ এপ্ৰিলত অক্ষতে মহিলাগৰাকীৰ কোঠাত সোমাই তেওঁক বলপূৰ্বকভাৱে যৌন নিৰ্যাতন চলায়। কেৱল সিমানেই নহয়, এই ঘটনাৰ পাছত যুৱকজনে মহিলাগৰাকীক প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰিছিল।

ভুক্তভোগী মহিলাগৰাকীয়ে সমগ্ৰ ঘটনাৰ বিষয়ে নিজৰ স্বামী বিকাশক জনাইছিল। কিন্তু আচৰিত ধৰণে স্বামীয়ে পত্নীক সহায় কৰাৰ পৰিৱৰ্তে সামাজিক মৰ্যাদা ৰক্ষা কৰিবলৈ আৰু পুত্ৰৰ শিক্ষা জীৱনৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁক মনে মনে থাকিবলৈহে পৰামৰ্শ দিয়ে। স্বামীৰ পৰা কোনো সহযোগিতা লাভ নকৰি মহিলাগৰাকীয়ে অৱশেষত আইনৰ সহায় ল’বলৈ বাধ্য হয়।

মহিলাগৰাকীয়ে নিজেই স্থানীয় থানাত গৈ অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে আৰু তদন্ত আৰম্ভ কৰে। তদন্তৰ পাছত আৰক্ষীয়ে অভিযুক্ত অক্ষতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নিজৰ ঘৰৰ ভিতৰতে এগৰাকী মহিলা এনেদৰে নিৰ্যাতিতা হ’বলগীয়া হোৱা কথাই বৰ্তমান সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd