• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে ১৭,৫০০টকাৰ জৰিমনা

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
April 20, 2021 8:59 pm
a-vac-640x375

প্ৰতিনিধিত্বমূলক ফটো।

241
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাত মংগলবাৰৰ পৰা জিলা উপায়ুক্তৰ নিৰ্দেশক্ৰমে গুৱাহাটীৰ পৰা গোলাঘাটলৈ অহা সকলো বাহনৰ যাত্ৰী, চালক-কৰ্মচাৰীৰ কোভিড পৰীক্ষা কৰা হৈছে।

নুমলীগড়ত গুৱাহাটীৰ পৰা অহা বাহনসমূহ ৰখাই ৰেপিড এন্টিজেন টেষ্ট কৰোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয়। গুৱাহাটীৰ পৰা অহা অধিকাংশ লোকৰ দেহতে কোৱিডৰ সংক্ৰমণ ধৰা পৰাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ইয়াৰ সমান্তৰালভাৱে আজিৰে পৰা গোলাঘাট নগৰৰ বিভিন্ন প্ৰৱেশ পথত মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে এহেজাৰ টকা পৰ্যন্ত জৰিমনা বিহা হয়।

মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে জৰিমনা আদায় কৰাৰ বাবে ৬ টা টাস্ক ফৰ্চ অৰ্থাৎ কৰ্মবাহিনী গঠন কৰি দিয়া হৈছে। এই কৰ্মবাহিনীসমূহে গোলাঘাটৰ বিভিন্ন স্থানত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে জৰিমনা বিহি আজি মুঠ ১৭,৫০০ টকা সংগ্ৰহ কৰে।

জিলা উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীয়ে নিজে বিভিন্ন ঠাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে জৰিমনা বিহে।

তেওঁ কয় “মাস্ক পৰিধান কৰাটো আচলতে সকলোৰে দায়িত্ব। জৰিমনা বিহাতো আমাৰ উদ্দেশ্য নহয়, প্ৰকৃততে ৰাইজক সজাগ কৰাটোহে আমাৰ উদ্দেশ্য।”

উপায়ুক্ত গৰাকীয়ে লগতে কয় যে সজাগতাইহে এই ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব।

ইফালে গোলাঘাট নগৰত আজিও জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত স্থায়ী অনুভাষ যন্ত্ৰৰ লগতে ভ্ৰাম্যমান বাহনেৰে মাইকৰ সহায়ত সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়।

আনহাতে গোলাঘাট জিলাত কোভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কার্যসূচীও অব্যাহত আছে। জিলাখনত আজিৰ দিনটোলৈকে ৫৮,২৫৫ জন লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে।

ইয়াৰে ৪৪,৯৫০ টা প্ৰথম পালি আৰু ১৩,৩০৫ টা দ্বিতীয় পালি প্ৰতিষেধক দিয়া হৈছে।

Tags: COVID-19

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd