শুকুৰবাৰে নিশা এগৰাকী ৪৫ বছৰীয়া মহিলাক গণ ধৰ্ষণ কৰি চ’ছিয়েল মিডিয়াত ভিডিঅ’ ভাইৰেল কৰা ৬ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
শনিবাৰে পাটনা গ্ৰাম্য জিলাৰ নিজ গৃহৰ পৰা উক্ত ছয় অভিযুক্ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বিহাৰ আৰক্ষীয়ে।
উল্লেখ্য যে, শুকুৰবাৰে নিশা এগৰাকী গৃহকৰ্মী মহিলাই পাটনাৰ পৰা কাম সামৰি অ’টোৰ পৰা নামি গাঁৱৰ ঘৰলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত এজন মটৰ চাইকেল আৰোহীয়ে ঘৰত নমাই দিম বুলি কৈ মটৰ চাইকেলত উঠাই লৈ যায়।
কিন্তু মটৰ চাইকেল আৰোহীজনে মহিলা গৰাকীক ঘৰলৈ নিয়াৰ পৰিৱৰ্তে নিজান ঠাইলৈ নি অন্য পাঁচ সহযোগীৰ সৈতে ধৰ্ষণ কৰি মোবাইলত ভিডিঅ’ ৰেকৰ্ডিঙো কৰে।
ইয়াৰ পিছতে ধৰ্ষণকাৰী অভিযুক্তেইজনে মহিলা গৰাকীক এই কথা পৰিয়ালৰ লোকক অৱগত কৰিলে হত্যা কৰাৰ ভাবুকি প্ৰদান কৰি ঘৰত নমাই থৈ আহে।
সেই নিশাই পাঁচ অভিযুক্তই ধৰ্ষণৰ উক্ত ভিডিঅ’টো চ’ছিয়েল মিডিয়াত ভাইৰেল কৰে।
ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে পাটনা আৰক্ষী সষ্টম হৈ উঠে আৰু প্ৰথমে নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰে। ভিডিঅ’টোৰ সহায়ত মহিলা গৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম হয় আৰক্ষী।
ইয়াৰ পিছতে মহিলা গৰাকীক গৌৰিচক আৰক্ষী থানালৈ আনি তেওঁৰ জবানবন্দী সংগ্ৰহ কৰে আৰক্ষীয়ে।
পাটনা আৰক্ষীৰ এছ এছ পি উপেন্দ্ৰ শৰ্মা আৰু মহানগৰ এছ পি(পূৱ) জিতেন্দ্ৰ কুমাৰে ঘটনাটোৰ দায়িত্ব লৈ তদন্ত আৰম্ভ কৰে্।
দুই আঅৰক্ষী বিষয়াই ভিডিঅ’ ফুটেজৰ সহায়ত অভিযুক্তসকলক চিনাক্ত কৰি পাটনাৰ উপকণ্ঠৰ এখন গাঁৱৰ নিজ নিজ গৃহৰ পৰা আটাইকেইজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰে।
ইতিমধ্যে অভিযুক্তকেইজনক ভাৰতীয় দণ্ডবিধি আইনৰ কেবাটাও ধাৰাত গোচৰ ৰুজু কৰি জেইল হোজাতলৈ প্ৰেৰণ কৰা হৈছে।
মহিলা গৰাকীৰ ভাষ্যৰ মতে অভিযুক্ত আটাইকেইজনক মদ্যপান কৰি আছিল।