• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামুলপুৰত বিপিএফৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি ছয় প্ৰাৰ্থীৰ আবেদন

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 26, 2021 6:01 pm
bhaba
774
VIEWS
Share on FacebookShare on Twitter

সমাগত বিধান সভাৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীয়ে প্ৰাৰ্থিত্ব বিচাৰি তৎপৰ হৈ পৰিছে।

আজি ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি বিপিএফৰ জ্যেষ্ঠ নেতা তথা তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে বিপিএফ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি তামুলপুৰ জিলা বিপিএফৰ উপ-সভাপতি যতীন চৰকাৰ আৰু সাধাৰণ সম্পাদক উপেন বসুমতাৰীৰ হাতত আবেদন পত্ৰ দাখিল কৰে।

আবেদন পত্ৰ দাখিল কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কেশৱ ৰাজবংশীয়ে কয় – আজি মোৰ বাবে এটা ঐতিহাসিক দিন । মই ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ দিনৰ পৰাই বিপিএফৰ বিভিন্ন পদবীত অধিষ্ঠিত হৈ আছোঁ আৰু বিগত ন বছৰ ধৰি  তামুলপুৰ জিলা বিপিএফৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰি আছো। বিপিএফৰ সংকটপূৰ্ণ সময়ত আৰু বেয়া দিন চলা সময়তো মই দলৰ হৈ সবল নেতৃত্বত দি দলৰ হৈ কাম কৰি আহিছো। মই প্ৰাৰ্থিত্ব পালে বিপুল ভোট লাভ কৰি জয় যুক্ত হম বুলি মই নিশ্চিত। ভৌগোলিক ভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰে পূৰ্ণ বৃহত্তৰ ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত যথেষ্ট সমস্যা আছে আৰু এই সমস্যা সমূহ সমাধান কৰাৰ ক্ষেত্ৰত মই গুৰুত্বপূৰ্ণ ভুমিকা লোৱাৰ বাবে মনত আশা পুহি ৰাখিছো। বিপিএফৰ কেন্দ্ৰীয় সমিতিয়ে মোক এইবেলি প্ৰাৰ্থিত্ব প্ৰদান কৰি মোক বিধানসভালৈ যোৱাৰ ক্ষেত্ৰত সুবিধা কৰি দিব বুলি মই আশাবাদী। যিহেতু মই তামুলপুৰ জিলা বিপিএফৰ মুখ্যপদ সভাপতি পদত অধিষ্ঠিত হৈ আছো আৰু দলীয় নেতৃত্বৰ পৰাও মই সহাৰি পাইছোঁ, সেয়েহে তামুলপুৰ সমষ্টিত বিপিএফৰ পৰা মই দলীয় প্ৰাৰ্থিত্ব পাম বুলি এশ শতাংশই নিশ্চিত।’

ইপিনে তামুলপুৰ জিলা বিপিএফৰ সাধাৰণ সম্পাদক উপেন বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে যে আজি তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে বিপিএফ দলৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰাৰ উপৰি আৰু পাঁচ গৰাকীয়ে দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰিছে।

বিপিএফ দলৰ পৰা প্ৰাৰ্থিত্ব বিচৰা আন পাঁচ গৰাকী নেতা ক্ৰমে তামুলপুৰ জিলা বিপিএফৰ কাৰ্যকৰী সভাপতি আদিত্য সিংহ, তামুলপুৰৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী, বিপিএফ নেতা ৰংজা খুঙ্গৰ বসুমতাৰী, প্ৰাক্তন বিধায়ক দেৰহাগ্ৰা মোছাহাৰী আৰু ৰাজেন বড়ো।

এই ছয় গৰাকীৰ আবেদন হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হব আৰু কাক প্ৰাৰ্থিত্ব দিব সেয়া বিপিএফ দলৰ কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত সিদ্ধান্ত লব।

দলে যি গৰাকী লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰিব তেওঁক জয় যুক্ত কৰি নিয়াৰ বাবে তামুলপুৰ জিলা বিপিএফ দলে ঐক্যবদ্ধ ভাবে কাম কৰি যাব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে উপেন বসুমতাৰীয়ে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd