DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৬ জানুৱাৰিত ১২ ঘণ্টীয়া “সম্পূৰ্ণ বন্ধ”ৰ আহ্বান

"এই অঞ্চলটোৰ জনগণক প্ৰজাতান্ত্ৰিক স্বাধীনতা উপভোগ কৰিবলৈ দিয়াত ব্যৰ্থ হৈছে"

নংনী তেৰাং by নংনী তেৰাং
January 24, 2020 7:42 pm
KLO-3-750x375

প্ৰতিনিধিত্বমূলক ছবি।

7.9k
VIEWS
Share on FacebookShare on Twitter

দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকমুহূৰ্তত ইয়াক সম্পূৰ্ণ নাকচ কৰি ২৬ জানুৱাৰিৰ দিনটোত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ “সম্পূৰ্ণ বন্ধ”ৰ আহ্বান জনাইছে উত্তৰ-পূবৰ ৬টা বিদ্ৰোহী সংগঠনে।

সংগঠনকেইটাই সংবাদ মাধ্যমলৈ ইয়াৰ নেতৃবৰ্গৰ স্বাক্ষৰ থকা এটা যুটীয়া বিবৃতি প্ৰেৰণ কৰিছে।

যুটীয়া বিবৃতিটোত কয়, “সংযুক্ত চৰকাৰখনৰ এজেন্সিবোৰ আৰু উত্তৰ-পূবৰ ৰাজ্য চৰকাৰবোৰে এই তাৰিখটোত এই অঞ্চলটো গণৰাজ্য দিৱস আয়োজনৰ পৰিকল্পনা কৰিছে। কিন্তু এইটো এই অংশটোৰ ওপৰত সম্পূৰ্ণভাৱে সংগতিহীন এটা আৰোপণ, কাৰণ এই অঞ্চলটোৰ নাগৰিকসকলক গণৰাজ্য প্ৰকৃত অৰ্থত উপভোগ কৰিবলৈ দিয়া নহয়। তথাকথিত ভাৰতৰ প্ৰজাতান্ত্ৰিক সংবিধানখন এই অঞ্চলটোৰ জনগণক প্ৰজাতান্ত্ৰিক স্বাধীনতা উপভোগ কৰিবলৈ দিয়াত ব্যৰ্থ হৈছে। আমাৰ অঞ্চলত থকা ভাৰতীয় শাসক তাত্ত্বিকভাৱেহে প্ৰজাতান্ত্ৰিক। কিন্তু বাস্তৱিকতে খিলঞ্জীয়া লোকসকলৰ ওপৰত নিপীড়ন অব্যাহত আছে, যিটো প্ৰজাতন্ত্ৰ ধাৰণাটোৰ সম্পূৰ্ণ বিৰোধমূলক। নিপীড়ন মানে ভাৰতৰ সৈতে থকা অন্যায়পূৰ্ণ সম্পৰ্ক। আমি WESEA (Western South East Asia West East)-ৰ জনগণ শোষিত জনতা”।

বিবৃতিটোত আৰু কোৱা হয়, “আমি সমগ্ৰ WESEA অঞ্চলত ২৬ জানুৱাৰি, ২০২০-ৰ দিনটোত পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সম্পূৰ্ণ বন্ধৰ আহ্বান জনাইছো, যাতে আমাৰ অঞ্চলত এই আনুষ্ঠানিক উদযাপন বন্ধ কৰিব পৰা যায়।”

বিবৃতিটোত সকলোকে তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই গণৰাজ্য দিৱস উদযাপনৰ পৰা বিৰত থাকিবলৈ কয়।

বিবৃতি দিয়া সংগঠনকেইটা হ’ল-

Hynniutrep National Liberation Council (HNLC), Kanglei Yawol Kanna Lup (KYKL), Kangleipak Communist Party (KCP), National Liberation Front of Twipra (NLFT), Kamatapur Liberation Organization (KLO) আৰু People’s Democratic Council of Karbi Longri (PDCK).

Recent News

দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ

দেওচুৰ অঞ্চলক সংৰক্ষিত বনাঞ্চল হিচাপে উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতিবাদ

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে

বিশ্বনাথ নগৰৰ মাজমজিয়াৰ পুলিচ পইন্টৰ সমীপত হঠাৎ ঢলি পৰি মৃত্যুক সাৱটিলে এজন লোকে

FIRST female referee: ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী; ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া

FIRST female referee: ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী; ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া

Maharashtra assembly speaker polls: ৰাহুল নৰ্ৱেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচিত; সদনত সিন্দে শিৱিৰৰ প্ৰথমটো জয়

Maharashtra assembly speaker polls: ৰাহুল নৰ্ৱেকাৰ মহাৰাষ্ট্ৰ বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচিত; সদনত সিন্দে শিৱিৰৰ প্ৰথমটো জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd