একেৰাহে কান্দি আছিল শিশুটিয়ে। কান্দোনত অতিষ্ঠ হৈ পৰিছিল মাতৃ। তাৰ পিছতেই এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে মাতৃয়ে। ধাৰালো অস্ত্ৰৰে ৬ মহীয়া কন্যা শিশুটিক ডিঙি ৰেপি হত্যা কৰিলে মাতৃয়ে! ইয়াৰ পিছত অভিযুক্ত মহিলাগৰাকীয়ে নিজৰো ডিঙি কটাৰ চেষ্টা কৰে। বৰ্তমান তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তাত তেওঁৰ চিকিৎসা চলি আছে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বিহাৰৰ গোপালপুৰত। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
আৰক্ষী আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, অভিযুক্ত মাতৃগৰাকীৰ নাম পূজা কুমাৰী। তেওঁ পশ্চিম চম্পাৰণ জিলাৰ গোপালপুৰ থানা এলেকাৰ বাসিন্দা। তেওঁৰ স্বামী সুনীল দাস চণ্ডীগড়ত প্ৰবাসী শ্ৰমিক হিচাপে কাম কৰে। প্ৰায় ছমাহ আগতে পূজাই এজনী কন্যা সন্তান জন্ম দিছিল আৰু তেওঁ শহুৰেকৰ ঘৰত আছিল।
বৃহস্পতিবাৰে নিশা নাতিয়েকৰ চিঞৰ শুনি আইতাক সীমা দেৱী কোঠালৈ দৌৰি যায়। সেই সময়তে তেওঁ দেখে যে মজিয়াখন তেজত লুতুৰি-পুতুৰি হৈ আছে আৰু নাতিয়েকৰ মৃতদেহ পৰি আছে। তাৰ কাষতেই পূজাই সেই ধাৰালো অস্ত্ৰৰে নিজৰ ডিঙি কাটিবলৈ ওলাইছিল। লগে লগে সীমা দেৱীয়ে তেওঁক বাধা দিয়ে আৰু ওচৰ-চুবুৰীয়াক খবৰ দিয়ে। পিছত তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া হয় আৰু তাত পূজাৰ ডিঙিত চিলাই পৰে।
খবৰ পাই গোপালপুৰ থানাৰ বিষয়া অংকিত কুমাৰ ঘটনাস্থলীত উপস্থিত হয়। শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় লগতে হত্যাকাণ্ডত ব্যৱহাৰ কৰা অস্ত্ৰপাতো উদ্ধাৰ কৰা হয়। শুকুৰবাৰে পুৱা এই সন্দৰ্ভত এক লিখিত অভিযোগ দাখিল কৰা হৈছে। থানাৰ বিষয়া অংকিত কুমাৰে জানিবলৈ দিয়ে যে প্ৰাথমিক তদন্তত মহিলাগৰাকী মানসিক ৰোগত আক্ৰান্ত বুলি অনুমান কৰা হৈছে। অৱশ্যে চিকিৎসকৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত কথাটো জানিব পৰা যাব। আৰক্ষীয়ে সকলো দিশ ফঁহিয়াই চাই তদন্ত চলাই আছে।




