কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ শতবৰ্ষ সমাৰোহ প্ৰেক্ষাগৃহত আজি দিনজোৰা কাৰ্যসুচীৰে ৬৪ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণী অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা কাজিৰঙাৰ কাষৰীয়া জিলাসমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এক কুইজ প্ৰতিযোগিতা আয়োজন কৰা হয়।
কাজিৰঙাৰ ডি এফ অ ৰোহিনী বল্লভ শইকীয়াই উদ্বোধন কৰা এই প্ৰতিযোগিতাত বিভিন্ন প্ৰান্তৰৰ পৰা অহা মুঠ ১৫খন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। কুইজ মাষ্টাৰ নৱজিত ভৰালীয়ে পৰিচালনা কৰা এই কুইজ প্ৰতিযোগিতাত নগাঁৱৰ এ ডি বি মহাবিদ্যালয়ে প্ৰথম, তেজপুৰ বিশ্ববিদ্যালয়ে দ্বিতীয় আৰু বোকাখাতৰ শংকৰদেৱ শিশু নিকেতনে তৃতীয় স্থান লাভ কৰে।
বিয়লিলৈ একে স্থানতে অনুষ্ঠিত সামৰণি অনুষ্ঠানত আদৰণি ভাষণ দিয়ে ডি এফ অ ৰোহিনী বল্লভ শইকীয়াই। বোকাখাতৰ সন্মিলিত শিশু সমাজৰ কন কন শিল্পীয়ে পৰিৱেশন কৰা বৰগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত বোকাখাতৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীয়ে এখন মুকাভিনয় নাট আৰু মৃদুস্মিতা বৰাই গীত পৰিবেশণ কৰে।
এই অনুষ্ঠানতে কুইজ প্ৰতিযোগিতাত স্থান লাভ কৰা প্ৰতিযোগিসকলক মানপত্ৰৰ লগতে নগদ ১৫ হেজাৰ, ১০ হেজাৰ আৰু ৫ হেজাৰ টকাৰে পুৰস্কৃত কৰাৰ উপৰি বন্যপ্ৰাণী সপ্তাহত কাজিৰঙাৰ বিভিন্ন বনাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজিত বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা ৮৫ গৰাকী প্ৰতিযোগিক পুৰস্কাৰ বিতৰন কৰা হয় ৷
আজিৰ অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক আকাশদ্বীপ বৰুৱা, অনাতাঁৰ শিল্পী নুনুসিং কৰ্মকাৰ, কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিক স্বপন নাথ, বিশ্ব প্ৰকৃতি নিধিৰ সমন্বয়ক প্ৰনৱ জ্যোতি বৰাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।