• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজৱ ঘটনা: ১৩ মাহত ৮টি সন্তানৰ জন্ম দিলে ৬৫বছৰীয়া বৃদ্ধাই!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 21, 2020 11:55 am
WhatsApp Image 2020-08-21 at 11.04.01 AM

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইখন ভাৰততে এগৰাকী ৬৫ বছৰীয়া বৃদ্ধা মহিলাই মাত্ৰ ১৩ মাহৰ ভিতৰত ৮ সন্তানৰ জন্ম দিয়াৰ ঘটনাই গোটেই দেশতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কথাটো শুনি হয়তো আপুনি ভাৱিছে এয়া প্ৰলাপৰ বাহিৰে আন একো নহয়। প্ৰকৃততে ঘটনাটো কিন্তু আন ধৰণৰহে।

Apply Now

বিহাৰত চৰকাৰী নথি পত্ৰই এনেকুৱা এক তথ্যই দাঙি ধৰিছে।

ইয়াৰ পূৰ্বেও ৰাজ্যখনত লালু প্ৰসাদ যাদব মুখ্য মন্ত্ৰী থকা সময়ত এন ঘটনা ঘটিছিল। এতিয়া নীতিশ কুমাৰৰ দিনতো ঘটিছে।

বিহাৰৰ চৰকাৰী নথিত প্ৰকাশ পোৱা এই চাঞ্চল্যকৰ তথ্য মতে ১৩মাহত এগৰাকী মহিলাই গৰ্ভত ধাৰণ কৰিছে ৮টিকৈ সন্তানৰ। তাকো মহিলাগৰাকীৰ বয়স তেতিয়া ৬৫বছৰ। শুনি চকু কপালত উঠাৰে কথা।

বিহাৰৰ যিগৰাকী বিষয়াই এই তথ্য নথিভুক্ত কৰিছে তেওঁ হয়তো কোনো অলৌকিক জগতত বিচৰণ কৰি আছিল।

তেওঁ লিপিবদ্ধ তথ্য অনুসৰি, ৬৫বছৰীয়া এই প্ৰসূতিগৰাকীয়ে একেলগে ৮টি সন্তানৰ জন্ম দিছে। ১৩মাহৰ ভিতৰত কেইদিনমানৰ ব্যৱধানত এটা এটাকৈ আঠটি সন্তানৰ জন্ম দিছে।

চৰকাৰী তথ্যই যিয়েই নকওঁক লাগিলে, বাস্তৱতে এয়া সম্ভৱ নহয় আৰু এই কথা কোৱাটোও সাইলাখ সাধুকথাৰ নামান্তৰহে।

অৱশ্যে, বাস্তৱিকতে সেয়া ঘটাও নাই। কেঁচু খান্দোতে সাপ ওলোৱাৰ দৰে বিহাৰ চৰকাৰৰ আন এটা কেলেংকাৰিহে ই উন্মোচন কৰিলে।

নেশ্যনেল ৰুৰেল হেলথ মিছন (এনআৰএইচএম) হৈছে এই কেলেংকাৰিৰ মূল কেন্দ্ৰ। এনআৰএইচএমৰ আৱন্টিত টকা হাত কৰাৰ বাবেই বিহাৰৰ চৰকাৰী তথ্যত ৬৫বছৰীয়া বৃদ্ধাক ১৩মাহৰ বিতৰতে ৮বাৰ গৰ্ভৱতী হোৱা দেখুওৱা হৈছে।

প্ৰতিটো ডেলিভাৰিৰ পাছত ইয়াৰ নামত চৰকাৰী ধন ১হাজাৰ ৪০০টকাকৈ তোলা হৈছে।

ঘটনা অনুসৰি, বিহাৰৰ মুজাফ্ফৰপুৰৰ শান্তি দেৱী নামৰ মহিলাগৰাকীয়ে কোনো সন্তান জন্ম দিয়া নাই। কিন্তু ১হাজাৰ ৪০০টকাকৈ ৮বাৰ সেই টকা এনআৰএইচএমৰ আঁচনিৰ পৰা তুলি নিয়া হৈছে। অৰ্থাৎ এনআৰএইচএমৰ ধন আত্মস্যাৎ কৰা হৈছে।

পিচে, শান্তি দেৱীয়ে সেই টকাৰ এপইচাও লাভ কৰা নাই।  তেওঁ ৮টি সন্তানৰ জন্ম দিয়া কথা যেনেকৈ নাজানে, তেওঁৰ নামত কোনে টকা উলিয়ালে তাৰো কোনো শুংসূত্ৰ পোৱা নাছিল।

তদন্তত ধৰা পৰে যে বিগত ২০ বছৰৰ ভিতৰত মুজাফ্ফৰপুৰৰ সেই মহিলাগৰাকীয়ে কোনো সন্তানৰ জন্ম দিয়া নাই। শান্তি দেৱীৰ সৰু ল’ৰাটোৰ বয়স ২০বছৰ।

মহিলাগৰাকীয়ে কেতিয়াও জানিব পৰা নাছিল যে ২০১৯চনৰ জুলাইৰ পৰা ২০২০ চনৰ আগষ্টৰ ভিতৰত তেওঁক ১হাজাৰ ৪০০টকাকৈ ৮বাৰ দিয়া হৈছিল।

প্ৰতিবাৰেই টকা জমা হোৱাৰ পিছদিনাখনেই কোনোবাই সেই টকা তুলি নিছে। কথাটো জানিব পৰাৰ পাছতেই শান্তি দেৱীৰ পৰিয়ালৰ লোকে বেংকত গৈ সেই কথা জনায়।

কিন্তু শান্তি দেৱীয়েই একমাত্ৰ উদাহৰণ নহয়। বিহাৰত আৰু বহুতৰে সৈতে এনে ঘটনা ঘটিছে।

সেই একেটা ব্লকৰে ছোটি কোঠিয়া গাঁৱৰ লীলা দেৱী নামৰ মহিলা এগৰাকীকো ১৩মাহত ৮সন্তানৰ জন্ম দিয়া দেখুওৱা হৈছে।

চৰকাৰী তথ্য অনুসৰি, এদিনত দুবাৰ সন্তান প্ৰসৱ কৰিছে মহিলাগৰাকীয়ে। কিন্তু সেই দশকটোত মহিলাগৰাকীয়ে কোনো সন্তান জন্ম দিয়া নাই। লীলা দেৱীৰো টকা বেংকত জমা হোৱাৰ পিছদিনাই কোনোবাই উঠাই নিছে।

বিষয়টোক লৈ এতিয়া বিহাৰ চৰকাৰ অস্বস্তিত পৰিছে। এই সম্পৰ্কত বিতং তদন্তৰ কথা কোৱা হৈছে।

বিহাৰৰ স্বাস্থ্য মন্ত্ৰী মংগল পাণ্ডেই বৃহস্পতিবাৰে জানিবলৈ দিয়ে যে এনআৰএইচএম কেলেংকাৰিৰ তদন্তৰ বাবে এখন চাৰিজনীয়া কমিটি গঠন কৰা হৈছে আৰু দোষীক বিচাৰি উলিয়াই উপযুক্ত শাস্তি দিয়াৰ কথা ঘোষণা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd