• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শোকাৱহ! ট্ৰাকত খুন্দা মাৰি ভস্মীভূত বাহন, দুই শিশুসহ একেটা পৰিয়ালৰে সাতজনে হেৰুৱালে প্ৰাণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2024 5:07 pm
Bus hits police constable
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ ছিকাৰ জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক কাণ্ড। এখন ট্ৰাকত খুন্দা মৰাৰ ফলত ৰাজপথতে দাওদাওকৈ জ্বলি উঠিল এখন ব্যক্তিগত বাহন। জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছে একেটা পৰিয়ালৰ দুই শিশু আৰু তিনিগৰাকী মহিলাসহ ৭ জন লোকে।

নিহত পৰিয়ালটো উত্তৰ প্ৰদেশৰ মীৰাটৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ৰাজস্থানৰ চালাছাৰৰ চালাছাৰ বালাজী মন্দিৰৰ পৰা উভতি আহিছিল পৰিয়ালটো আৰু যাত্ৰাপথতে সংঘটিত হয় এই ট্ৰেজিক দুৰ্ঘটনা।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি, বাহনখনৰ চালকজনে এখন ট্ৰাকক অভাৰটেক কৰাৰ চেষ্টা কৰিছিল যদিও বিপৰীত দিশৰ পৰা আন এখন বাহন ওচৰ চাপি অহা দেখি জোৰেৰে ব্ৰেক মাৰিবলগীয়া হয়।

কিন্তু এই চেষ্টাত তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু ট্ৰাকখনত খুন্দা মাৰে। এই সংঘৰ্ষৰ পিছতে গাড়ীখনৰ গেছ কিটটো জুইত জাহ যায় আৰু ট্ৰাকখনত ভৰ্তি কপাহে জুই অধিক ভয়াৱহ কৰি তোলে।

ইফালে বাহনখনত থকা যাত্ৰীসকলে বহু চেষ্টাৰ পিছতো অগ্নিকাণ্ডৰ বাবে বাহনৰ দুৱাৰ খুলিব নোৱাৰি ভিতৰতে আৱদ্ধ হৈ পৰে আৰু জীৱন্তে অগ্নিদগ্ধ হয়। ঘটনাস্থলীত থকা একাংশ লোকেও পৰিয়ালটোক সহায়ৰ চেষ্টা চলায় যদিও জুইৰ ভয়াৱহতাৰ বাবে ব্যৰ্থ হয়।

কিছুসময় পিছত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে যদিও জুই নিয়ন্ত্ৰণ কৰাৰ সময়লৈকে প্ৰাণ হেৰুৱাইছিল পৰিয়ালটোৱে। ইফালে ঘটনাৰ পিছতে ট্ৰাকখনৰ চালকজন আৰু সহায়কজনে সেই স্থানৰ পৰা পলায়ন কৰে।

ঘটনাত নিহত লোকসকলক নীলম গোৱাল (৫৫), তেওঁৰ পুত্ৰ আশুতোষ গোৱাল (৩৫), মঞ্জু বিন্দল (৫৮), তেওঁৰ পুত্ৰ হাৰ্দিক বিন্দল (৩৭), তেওঁৰ পত্নী স্বাতী বিন্দল (৩২) আৰু তেওঁলোকৰ দুই নাবালিকা কন্যা বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীৰ মতে, গাড়ীখনৰ মালিক আশুতোষে ডেৰ বছৰ পূৰ্বে গাড়ীখন ক্ৰয় কৰিছিল। আৰক্ষীয়ে গাড়ীখন বিক্ৰী কৰা এজেণ্টজনৰ সৈতে যোগাযোগ কৰে আৰু তেওঁৰ জৰিয়তে পৰিয়ালটোক চিনাক্ত কৰিবলৈ সক্ষম হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd