NORTHEAST NOW (Assamese)

ফ্ল’ৰিডাত বন্দুকধাৰীৰ সন্ত্ৰাস: মাৰ্টিন লুথাৰ কিং জুনিয়ৰ দিৱস উদযাপনত নিৰ্বিচাৰ গুলীচালনা, আহত কেইবাগৰাকীও

January 17, 2023 12:04 pm · এন ই নাও নিউজ, গুৱাহাটী

বন্দুকধাৰীৰ সন্ত্ৰাসে বাৰুকৈয়ে আতংকিত কৰি তুলিছে আমেৰিকাক। শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে বন্দুকধাৰীৰ এনে নিৰ্বিচাৰ আক্ৰমণ। যুক্তৰাষ্ট্ৰৰ বিভিন্ন প্ৰদেশত এনে নৃশংস ঘটনাই ৰক্তাক্ত কৰি তুলিছে।

এইবাৰ পুনৰ ফ্ল’ৰিডাত সংঘটিত হৈছে এনে এক বৰ্বৰ কাণ্ড। ফ্ল’ৰিডাৰ ফ’ৰ্ট পিয়ৰ্চত মাৰ্টিন লুথাৰ কিং জুনিয়ৰ দিৱস উদযাপনৰ সময়তে অচিনাক্ত বন্দুকধাৰীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাত প্ৰায় আঠগৰাকী লোক আহত হৈছে।

কাউণ্টি শ্বেৰিফৰ কাৰ্যালয়ে সদৰী কৰা মতে, বন্দুকৰ গুলীৰ আঘাতত এগৰাকী লোকৰ অৱস্থা অত্যন্ত সংকটজনক। আন কেইগৰাকী লোক সামান্য আহত হৈছে বুলি কৰ্তৃপক্ষই লগতে উল্লেখ কৰে।

ছেইণ্ট লুচি কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে ইলাছ এলিছ পাৰ্কত অনুষ্ঠিত হোৱা এক অনুষ্ঠানৰ পিছত কোনো কথাত হোৱা বিবাদৰ ফলশ্ৰুতিত এই আক্ৰমণৰ উদ্ভৱ হৈছিল।

তেওঁ লগতে উল্লেখ কৰা মতে, গুলীৰ আঘাতত আঘাতপ্ৰাপ্ত ৮ গৰাকী লোকক চিকিৎসালয়লৈ লৈ যোৱা হয়। ঘটনা সন্দৰ্ভত এইপৰ্যন্ত কোনো সন্দেহযুক্ত লোকক আটক কৰা হোৱা নাই।

অৱশ্যে বিষয়াগৰাকীয়ে লগতে কয় যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ঘটনাস্থলীৰ পৰা একাধিক তথ্য উদ্ধাৰ কৰিছে। এনে তথ্যৰ আধাৰত একাধিক শ্বুটাৰে গুলীচালনা কৰা বুলি তেওঁ লগতে সন্দেহ প্ৰকাশ কৰে।

Related News