• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

অন্নদাতাৰ মূৰত মাধমাৰ বিজেপি চৰকাৰৰ : প্ৰতি কুইন্টল ধানত ৮০২ টকাকৈ ঘাটি খাব লাগিব কৃষকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 16, 2026 1:03 pm
105
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২৬-২৭ বৰ্ষৰ খাৰিফ শস্যৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ন্যূনতম সহায়ক মূল্যক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সংযুক্ত কিষাণ মৰ্চাই। সংগঠনটোৰ মতে, চৰকাৰে ন্যূনতম সহায়ক মূল্য ঘোষণা কৰাৰ সময়ত কৃষকৰ প্ৰকৃত উৎপাদন ব্যয় সঠিকভাৱে হিচাপ কৰা নাই। ইয়াৰ ফলত কেৱল ধান খেতিয়কসকলৰে প্ৰতি কুইণ্টলত ৮০২ টকাকৈ লোকচান হ’ব বুলি মৰ্চাই দাবী কৰিছে। সদৌ ভাৰত কৃষক সভাৰ দৰে দেশৰ শতাধিক কৃষক আৰু খেতিয়ক সংগঠনৰ এই উমৈহতীয়া মঞ্চখনে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ এই নতুন নিৰ্দেশনাৰ প্ৰতিলিপি প্ৰতিখন গাঁৱতে দাহ কৰাৰ বাবে আহ্বান জনাইছে।

দেশৰ কৃষক আৰু কৃষি শ্ৰমিকসকলৰ বৰ্তমানৰ শোচনীয় অৱস্থাৰ ছবিখন দাঙি ধৰি সংযুক্ত মৰ্চাই আত্মহত্যাৰ এক ভয়াবহ পৰিসংখ্যাও দাঙি ধৰিছে। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ’ৰ ২০২৪ চনৰ প্ৰতিবেদন অনুসৰি, বৰ্তমান দেশৰ গ্ৰামাঞ্চলত প্ৰতিদিনে গড়ে ১৭৩ জনকৈ কৃষক বা কৃষিজীৱী লোকে আত্মহত্যা কৰিবলগীয়া হৈছে। আনহাতে, ২০১৪ চনত যেতিয়া কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হৈছিল, তেতিয়া এই দৈনিক গড় আত্মহত্যাৰ সংখ্যা আছিল ৭৭ জন। কৃষকসকলে সাধাৰণতে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া দামত ফচল বিক্ৰী কৰিব লাগে যদিও মধ্যভোগী আৰু দালালে একাংশ অঞ্চলত আধিপত্য বিস্তাৰ কৰাৰ বাবে বহু সময়ত কৃষকসকলে উচিত মূল্য নাপায় আৰু কম দামতে শস্য বিক্ৰী কৰিবলৈ বাধ্য হয়। তদুপৰি এই সহায়ক মূল্যৰ হিচাপ-নিকাচত মোদী চৰকাৰে কাৰচাজি কৰা বুলিও দীৰ্ঘদিনৰে পৰা অভিযোগ উত্থাপন হৈ আহিছে।

Apply Now

চৰকাৰৰ তৰফৰ পৰা দাবী কৰা হৈছে যে স্বামীনাথন আয়োগৰ পৰামৰ্শ অনুসৰি প্ৰকৃত উৎপাদন খৰচৰ সৈতে আৰু ৫০ শতাংশ ধন যোগ দিহে এই সহায়ক মূল্য নিৰ্ধাৰণ কৰা হৈছে। চৰকাৰে এই খৰচৰ হিচাপটো লাভ কৰে কৃষি ব্যয় আৰু মূল্য আয়োগ বা চিএচিপিৰ পৰা। কিন্তু সদৌ ভাৰত কৃষক সভা আৰু সংযুক্ত কিষাণ মৰ্চাই চৰকাৰৰ এই দাবী একেবাৰে খাৰিজ কৰিছে। কৃষক নেতাসকলৰ মতে, স্বামীনাথন আয়োগে কৃষকৰ খৰচ হিচাপ কৰাৰ সময়ত কেৱল সাৰ আৰু বীজৰ খৰচ বা পৰিয়ালৰ শ্ৰমকে ধৰিবলৈ কোৱা নাছিল, বৰঞ্চ কৃষি ঋণৰ সুদ আৰু নিজৰ মাটিখন আনক দিলে যিমান ভাড়া পোৱা গ’লহেঁতেন, সেই সকলোবোৰ যোগ কৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু চৰকাৰী আয়োগে বৰ্তমান ঋণৰ সুদ আৰু মাটিৰ মূল্যক এই হিচাপত অন্তৰ্ভুক্ত কৰা নাই।

সংযুক্ত কিষাণ মৰ্চাৰ মতে, যদি স্বামীনাথন আয়োগৰ সম্পূৰ্ণ সূত্ৰ মানি খৰচৰ হিচাপ কৰা হ’লহেঁতেন আৰু তাৰ ওপৰত ৫০ শতাংশ যোগ কৰা হ’লহেঁতেন, তেন্তে ধানৰ প্ৰতি কুইণ্টলৰ ন্যূনতম সহায়ক মূল্য হ’লহেঁতেন ৩২৪৩ টকা। কিন্তু চৰকাৰে কেৱল সাৰ-বীজৰ খৰচ আৰু পৰিয়ালৰ শাৰীৰিক শ্ৰমৰ ওপৰত ৫০ শতাংশ যোগ দি এই মূল্য ২৪৪১ টকা নিৰ্ধাৰণ কৰিছে, যাৰ বাবে কৃষকে প্ৰতি কুইণ্টলত ৮০২ টকাকৈ লোকচান ভৰিবলগীয়া হৈছে। মৰ্চাই অভিযোগ কৰিছে যে যোৱা এটা বছৰত সাৰ, বীজ, কীটনাশক আৰু ইন্ধনৰ দাম বহুত বাঢ়ি গৈছে আৰু কৃষকসকলে এইবোৰ ক’লা বজাৰৰ পৰা কিনিব লগা হৈছে, কিন্তু চৰকাৰে খৰচ ধৰিছে ১৫ বছৰ পুৰণি মূল্যস্তৰৰ আধাৰত। চৰকাৰে ২০২৬-২৭ বৰ্ষৰ খাৰিফ শস্যৰ বাবে ২.৬ লাখ কোটি টকা খৰচ হ’ব বুলি ক’লেও মৰ্চাৰ হিচাপ মতে বিগত ১০ বছৰত সঠিক সহায়ক মূল্য নিদিয়াৰ বাবে কৃষকসকলৰ প্ৰায় ২৭ লাখ কোটি টকাৰ লোকচান হৈছে, যি সময়ত চৰকাৰে উদ্যোগপতিসকলৰ লাখ লাখ কোটি টকাৰ ঋণ ৰেহাই দিছে।

কৃষক সংগঠনটোৱে লগতে প্ৰকাশ কৰিছে যে যদি কোনো ৰাজ্য চৰকাৰে কৃষকক সহায় কৰিবলৈ এই মূল্যৰ ওপৰত অতিৰিক্ত বোনাচ দিব বিচাৰে, তাতেও কেন্দ্ৰীয় আয়োগে আপত্তি দৰ্শায়। মৰ্চাৰ অভিযোগ অনুসৰি, এই সমগ্ৰ কৃষি ব্যয় নিৰ্ধাৰণকাৰী ব্যৱস্থা আৰু কেন্দ্ৰীয় চৰকাৰে আচলতে বিশ্ব বাণিজ্য সংস্থা আৰু আমেৰিকাৰ দৰে বিদেশী শক্তিৰ নীতি অনুসৰণ কৰি চলিছে। তেওঁলোকে কৃষকক দিয়া চৰকাৰী সাহায্যক বজাৰৰ এক খেলিমেলি বা ক্ষতি বুলি গণ্য কৰে আৰু দেশৰ চৰকাৰ তথা আয়োগেও ঠিক তেনেদৰেই চিন্তা কৰি নিজৰ দেশৰ কৃষকক মাধমাৰ শোধাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd