• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আছুৱে নোৱাৰিলে! ৰাজনৈতিক বিকল্পৰ বাবে সাজু কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থা

পহিলা ব’হাগত আত্মপ্ৰকাশ ঘটিব কলিতা জনগোষ্ঠীৰ ৰাজনৈতিক দল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 5, 2020 7:17 pm
34391ee9-d350-4e5e-81e5-60a91b13137f

দিচপুৰ লাষ্টগেটত কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ প্ৰতিবাদ। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছুদিন আগলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ৰাজনৈতিক বিকল্প শক্তিৰ চৰ্চা চলি আছিল; কিন্তু এতিয়া সেই চৰ্চা নোহোৱা হ’ল। তাৰ বিপৰীতে এক ৰাজনৈতিক বিকল্পৰ বাবে সাজু হৈ উঠিছে সদৌ অসম কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থা।

পহিলা ব’হাগৰ দিনটোতে কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ নেতৃত্বত আত্মপ্ৰকাশ ঘটিব এটা নতুন ৰাজনৈতিক দলৰ। নৰ্থ ইষ্ট নাওৰ সাংবাদিকক এই কথা জানিবলৈ দিয়ে কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ নেতৃত্বই।

Apply Now

‘কলিতা জনগোষ্ঠীয় ৰাইজে ইতিমধ্যে বিকল্প ৰাজনৈতিক চিন্তা চৰ্চা কৰিছে। কলিতা জনগোষ্ঠীয় ছাত্ৰ সন্থাৰ নেতৃত্বত কলিতা সংগ্ৰামী মঞ্চৰ সহযোগত এই বিষয়ত আলাপ আলোচনা কৰিছো। অহা পহিলা ব’হাগৰ দিনটোত নতুন এক ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে।‘ দিচপুৰ লাষ্টগেটত হোৱা এক প্ৰতিবাদত অংশগ্ৰহণ কৰি এইদৰে কয় ছাত্ৰ সংগঠনটোৰ সাধাৰণ সম্পাদক ভাস্কৰ কলিতাই।

ইতিমধ্যে কলিতা জনগোষ্ঠীয় বহুকেইগৰাকী লোকসভাৰ প্ৰাক্তন সাংসদ, প্ৰাক্তন ৰাজ্যসভাৰ সাংসদে তেওঁলোকৰ সৈতে নতুন ৰাজনৈতিক দল গঠন সন্দৰ্ভত যোগাযোগ অব্যাহত ৰাখিছে বুলি সাধাৰণ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে।

‘অতি কম সময়ৰ ভিতৰত কলিতা জনগোষ্ঠীক ৰাজ্য চৰকাৰে কৰি অহা বঞ্চনা, প্ৰতাৰণাৰ বিৰুদ্ধে ৰাজনৈতিক চিন্তা চৰ্চাৰে ৰাইজৰ মাজত আত্মপ্ৰকাশ কৰিম। অসমত বসবাস কৰা বৃহত্তৰ অসমীয়া জাতি-জনগোষ্ঠীৰ লগতে নিজস্ব কলিতা কলিতা জনগোষ্ঠীৰ বাবেও চিন্তা চৰ্চা কৰি জনগোষ্ঠীটোৰ উত্তৰণৰ কাৰণে সংগ্ৰামৰে নহয়, ৰাজনৈতিক প্ৰক্ৰিয়াৰে আগবাঢ়িবলৈ প্ৰস্তুত হৈছো।‘ কলিতাই এইদৰে কয়।

আনহাতে, ২০২১ চনত মুঠ ৩২ টা বিধান সভাত নতুনকৈ গঠন হ’বলগীয়া ৰাজনৈতিক দলটোৱে প্ৰাৰ্থীত্ব আগবঢ়াব বুলি জানিবলৈ দিছে ছাত্ৰ সংগঠনটোৰ সভাপতি অনুপল দত্ত পাঠকে।

পাঠকে লগতে কয়, ‘আমাৰ জনগোষ্ঠীৰ ১৮ জন মন্ত্ৰী বিধায়ক বিধান সভাত আছে যদিও তেওঁলোকৰ শুই থকাৰ বাহিৰে কাম নাই। আমাৰ দুজন মন্ত্ৰী ভবেশ কলিতা, চন্দ্ৰমোহন পাটোৱাৰীয়ে কলিতা জনগোষ্ঠীৰ কোনো দাবীৰ প্ৰতি গুৰুত্ব নিদিয়ে। সেয়েহে আমি তেওঁলোকক প্ৰত্যাহ্বান জনাবলৈ সাজু আৰু তেওঁলোকৰ বিৰুদ্ধে আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিম।’ ‘

আনহাতে, আজি বিভিন্ন দাবী লৈ দিচপুৰ লাষ্টগেটত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

তেওঁলোকৰ কেইটামান দাবী ক্ৰমে কলিতা ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াৰ ক্ষেত্ৰত ৫০ শতাংশ আসন সংৰক্ষণ, চৰকাৰী চাকৰিত ৫০ শতাংশ পদ সংৰক্ষণৰ ব্যৱস্থা, কলিতা জনগোষ্ঠীক জনজাতিকৰণ, প্ৰাগজ্যোতিষ নামেৰে কলিতা স্বায়ত্তশাসিত পৰিষদ গঠন, সুকীয়া উন্নয়ন পৰিষদ গঠন, অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ স্মৃতিত গুৱাহাটী আৰু দিল্লীত স্থায়ী অতিথিশালা নিৰ্মাণ, উন্নয়নৰ বাবে ২০০ কোটি টকাৰ পেকেজ ঘোষণা ইত্যাদি।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am
‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd