• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ ডোঙাৰগাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 7, 2020 7:46 am
Tamulpur story

মৃত যুৱকজন

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ  নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ডোঙাৰগাঁৱত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই  যুৱক জনক হানি-খুচি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আত্মীয়ই।

Apply Now

মৃত যুৱকজন হৈছে নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত দেওচুঙা গাঁৱৰ ২৬ বছৰীয়া ৰাজু বড়ো ওৰফে কাতিৰাম বড়ো।

পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, বিগত বহু দিন ধৰি দেওচুঙা গাঁও নিবাসী সুৰেন বড়োৰ পুত্ৰ ৰাজুই  ঠিকাদাৰ অধীনত মহৰী হিচাপে কাম কৰা ডোঙাৰগাঁৱৰ ইমতাজ আলি  নামৰ লোক এজনৰ অধীনত শ্ৰমিক হিচাপে কাম কৰি আহিছিল।

ৰাজুয়ে ইমতাজৰ পৰা বহুত টকা পাবলৈ আছিল আৰু টকা বিচাৰি মাজে মাজে ইমাতজৰ ঘৰলৈ গৈছিল যদিও ৰাজুক পাব লগা টকা আদায় দিয়া নাছিল ইমতাজে।

আনকি দিন হাজিৰা কৰা ৰাজুৰ মাতৃয়েও বহু দিন টকা বিচাৰি ইমাতজৰ ওচৰলৈ গৈ বিফল হৈ ঘূৰি আহিছিল বুলি অভিযোগ কৰিছে ৰাজুৰ পৰিয়ালৰ সদস্যই।

পৰিয়ালৰ লোকে জনোৱা মতে, কালি সন্ধিয়া ৭-০০ মান বজাত ৰাজুক ইমতাজে ফোন কৰি টকা আনিবলৈ মাতি নিয়ে। ৰাজুয়ে ইমাতজৰ ফোন পাই টকা আনিবলৈ ডোঙাৰগাঁৱলৈ যায় যদিও নিশা ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে সকল চিন্তিত হয়।

ইপিনে, আজি পুৱা ৭-৩০ মান বজাত ডোঙাৰগাঁৱৰ এটা নলাত পৰি থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ হয়। উদ্ধাৰ হোৱা মৃতাদেহটো পৰিয়ালৰ লোকে ৰাজু ওৰফে কাতিৰামৰ বুলি চিনাক্ত কৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

পিছত স্থানীয় লোকে নাগ্ৰীজুলি আৰু শুৱাগপুৰ আৰক্ষী চকীত খবৰ দিয়াত নাগ্ৰীজুলি আৰু শুৱাগপুৰৰ পৰা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি নাগ্ৰীজুলি আৰক্ষী চকীলৈ লৈ আনে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে বাক্সা জিলা সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰে।

ইপিনে ৰাজুয়ে কালি নিশা চাৰি জন যুৱকৰ লগত ডোঙাৰগাঁওত মদ আৰু মাংসৰে খানা খাইছিল। যুৱক কেইজনে এই কথা স্বীকাৰ কৰিছে যে ৰাজুয়ে তেওঁলোকৰ লগত খানা খাইছিল আৰু খানা খোৱাৰ পিছত ঘৰলৈ উভতিছিল।

ইতিমধ্যে ৰাজুৰ লগত খানা খোৱা চাৰি যুৱকক নাগ্ৰীজুলি আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।

ৰাজুৰ পৰিয়ালৰ লোকে এই হত্যাকাণ্ডৰ সৈতে ইমতাজ আলি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। পৰিয়ালৰ লোকে অভিযোগ কৰা মতে ইমাতজৰ ঘৰৰ ওচৰত ৰাজুৰ মৃতদেহ উদ্ধাৰ হৈছিল।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd