• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ ডোঙাৰগাঁৱত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , March 7, 2020 7:49 am

2 min read

Tamulpur story

মৃত যুৱকজন

6.3k
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ  নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ডোঙাৰগাঁৱত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিশা কোনো অচিনাক্ত দুৰ্বৃত্তই  যুৱক জনক হানি-খুচি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আত্মীয়ই।

মৃত যুৱকজন হৈছে নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত দেওচুঙা গাঁৱৰ ২৬ বছৰীয়া ৰাজু বড়ো ওৰফে কাতিৰাম বড়ো।

পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে, বিগত বহু দিন ধৰি দেওচুঙা গাঁও নিবাসী সুৰেন বড়োৰ পুত্ৰ ৰাজুই  ঠিকাদাৰ অধীনত মহৰী হিচাপে কাম কৰা ডোঙাৰগাঁৱৰ ইমতাজ আলি  নামৰ লোক এজনৰ অধীনত শ্ৰমিক হিচাপে কাম কৰি আহিছিল।

ৰাজুয়ে ইমতাজৰ পৰা বহুত টকা পাবলৈ আছিল আৰু টকা বিচাৰি মাজে মাজে ইমাতজৰ ঘৰলৈ গৈছিল যদিও ৰাজুক পাব লগা টকা আদায় দিয়া নাছিল ইমতাজে।

আনকি দিন হাজিৰা কৰা ৰাজুৰ মাতৃয়েও বহু দিন টকা বিচাৰি ইমাতজৰ ওচৰলৈ গৈ বিফল হৈ ঘূৰি আহিছিল বুলি অভিযোগ কৰিছে ৰাজুৰ পৰিয়ালৰ সদস্যই।

পৰিয়ালৰ লোকে জনোৱা মতে, কালি সন্ধিয়া ৭-০০ মান বজাত ৰাজুক ইমতাজে ফোন কৰি টকা আনিবলৈ মাতি নিয়ে। ৰাজুয়ে ইমাতজৰ ফোন পাই টকা আনিবলৈ ডোঙাৰগাঁৱলৈ যায় যদিও নিশা ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে সকল চিন্তিত হয়।

ইপিনে, আজি পুৱা ৭-৩০ মান বজাত ডোঙাৰগাঁৱৰ এটা নলাত পৰি থকা অৱস্থাত এটা মৃতদেহ উদ্ধাৰ হয়। উদ্ধাৰ হোৱা মৃতাদেহটো পৰিয়ালৰ লোকে ৰাজু ওৰফে কাতিৰামৰ বুলি চিনাক্ত কৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

পিছত স্থানীয় লোকে নাগ্ৰীজুলি আৰু শুৱাগপুৰ আৰক্ষী চকীত খবৰ দিয়াত নাগ্ৰীজুলি আৰু শুৱাগপুৰৰ পৰা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি নাগ্ৰীজুলি আৰক্ষী চকীলৈ লৈ আনে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে বাক্সা জিলা সদৰ মুছলপুৰলৈ প্ৰেৰণ কৰে।

ইপিনে ৰাজুয়ে কালি নিশা চাৰি জন যুৱকৰ লগত ডোঙাৰগাঁওত মদ আৰু মাংসৰে খানা খাইছিল। যুৱক কেইজনে এই কথা স্বীকাৰ কৰিছে যে ৰাজুয়ে তেওঁলোকৰ লগত খানা খাইছিল আৰু খানা খোৱাৰ পিছত ঘৰলৈ উভতিছিল।

ইতিমধ্যে ৰাজুৰ লগত খানা খোৱা চাৰি যুৱকক নাগ্ৰীজুলি আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।

ৰাজুৰ পৰিয়ালৰ লোকে এই হত্যাকাণ্ডৰ সৈতে ইমতাজ আলি জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। পৰিয়ালৰ লোকে অভিযোগ কৰা মতে ইমাতজৰ ঘৰৰ ওচৰত ৰাজুৰ মৃতদেহ উদ্ধাৰ হৈছিল।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd