• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সজাগতা সৃষ্টি কৰিছে যদিও ৰাজ্য চৰকাৰে নিষিদ্ধ কৰিব নোৱাৰে চীনৰ পৰা অহা হোলীৰ ৰং!

জুম বান্ধি হোলী নেখেলিবলৈ ৰাজ্যবাসীক আহ্বান জনাইয়ে দায়িত্ব সামৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 8, 2020 7:00 am
99e73832-5a2a-4cd1-927e-ecae51635cdb
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীন দেশত কালৰূপ ধাৰণ কৰা মাৰাত্মক কৰ’না ভাইৰাছৰ পৰা হাত সাৰিবলৈ ৰাজ্য চৰকাৰে বিভিন্ন ধৰণে জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰিছে।

কিন্তু এনেদৰে সজাগতা বৃদ্ধি কৰিছে যদিও নিষিদ্ধ নহয় চীনত নিৰ্মিত হোলীৰ আবিৰ বা ৰং। চীনত প্ৰস্তুত কৰা ৰঙৰ পৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে বুলি সন্দেহ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে।

Apply Now

বিশেষকৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ আশংকাত এইবাৰ হোলী উদযাপনৰ পৰা বিৰত থাকিব।

কিন্তু বৰ্তমানলৈকে বিপনীসমূহ চীনা হোলীৰ ৰং, ফিচকাৰী অথবা মুখাসমূহ বিক্ৰী হৈ আছে বা বিক্ৰী কৰিবলৈ সাজু কৰি ৰাখিছে। বৰ্তমানলৈকে কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ পৰা চীনত নিৰ্মিত ফাকুৱা বিক্ৰী অথবা ব্যৱহাৰৰ ক্ষেত্ৰত কোনোধৰণৰ নিষেধাজ্ঞা দিয়া নাই বা কোনো নিৰ্দেশনা বৰ্তমানলৈকে দিয়া হোৱা নাই।

শণিবাৰে খ্ৰীষ্টানবস্তিস্থিত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক কাৰ্য্যালয়ত কৰ’ণা ভাইৰাছ সন্দৰ্ভত জনসাধাৰণক সজাগতা সৃষ্টি কৰা হেতুকে এক সংবাদমেল সম্বোধন কৰিছিল।

উক্ত সংবাদমেলতে সাংবাদিকে হোলীৰ ৰং ব্যৱহাৰৰ ফলত এই ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে নেকি প্ৰশ্ন উত্থাপন কৰিছিল ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীক।

মন্ত্ৰীগৰাকীয়ে উত্তৰত কয় ‘কাৰোবাৰ ধৰ্মীয় অনুভুতিত আঘাত হানিব পাৰে যদিও বিনম্ৰতাৰে কৈছো হোলীৰ দিনাও ৰাইজ জুম বান্ধি থকা মানুহৰ পৰা আঁতৰত থাকিব লাগে। মই এইবাৰ হোলী নেখেলো।‘

চীনত নিৰ্মিত অন্য সামগ্ৰীৰ লগতে হোলীৰ ৰঙ, দৰব ইত্যাদি চীনৰ পৰা আমদানি হৈ আছে নেকি সাংবাদিকগৰাকীয়ে পুনৰ সোধাত মন্ত্ৰীগৰাকীয়ে কয় ‘বিশ্বৰ অৰ্থনীতিটো এনেকুৱা যে চীনৰ পৰা আমদানি একেদিনাই বন্ধ কৰি দিব নোৱাৰে।‘

চীনৰ পৰা অহা ফাকুৱা এইবাৰ নিষিদ্ধ কৰিব নেকি বুলি আমাৰ সাংবাদিকে সোধাত মন্ত্ৰীগৰাকীয়ে কয় ‘চীনৰ পৰা ৰং অসমৰ বজাৰলৈ আহে নে নাহে সেইটো মই নাজানো, যদি আহে এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল’ব।‘

জুম বান্ধি হোলী নেখেলিবলৈ ৰাজ্যবাসীক আহ্বান জনাইয়ে দায়িত্ব সামৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই। মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত ল’ব বুলি কয় যদিও হোলীলৈ মাজত কেইটিমান ঘন্টাহে বাকী। তেনেক্ষেত্ৰত বৰ্তমানলৈকে তেনে কোনোধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা নাই কেন্দ্ৰীয় চৰকাৰে। তাৰ বিপৰীতে যেন সজাগতা সৃষ্টিৰ নামত বিজ্ঞাপন প্ৰকাশ কৰিয়েই নিজৰ দায়িত্ব সামৰিছে কেন্দ্ৰীয় কিম্বা ৰাজ্য চৰকাৰে।

উল্লেখ কৰিব লাগিব যে ভাৰতত উৎপাদিত ৰঙেৰে চাহিদা পূৰণ কৰিব নোৱাৰে বাবেই চীনৰ পৰা এইসমূহ ৰং বেছিকৈ আমদানি হয় ।

বৰ্তমানলৈকে চীনকে ধৰি বিশ্বৰ ৮০ খনতকৈয়ো অধিক দেশৰ প্ৰায় ১ লাখ লোক এই কৰুণা ভাইৰাছত আক্ৰান্ত হৈছে। চীনত তিনি সহস্ৰাধিক লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে। খবৰ অনুসৰি ভাৰতত বৰ্তমানলৈকে ৩১ গৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে যদিও কোনেও মৃত্যুক সাবটি লোৱা নাই।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd