শিলচৰৰ এটা এপাৰ্টমেণ্টৰ আৱাসীসকলক কৰ’নাভাইৰাছ আক্ৰান্তৰ সংস্পৰ্শলৈ অহাৰ বাবে সুৰক্ষামূলক পদক্ষেপ হিচাপে ঘৰতে আবদ্ধ কৰা হৈছে।
স্বাস্থ্য বিষয়াসকলে নিশ্চিত কৰা নাই যদিও খবৰ মতে ফ্লেটটোৰ পাঁচজন আৱাসীয়ে মিজোৰামৰ কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগীজনৰ সৈতে একেখন বিমানত যাত্ৰা কৰিছিল।
ভৱনটোত এতিয়ালৈকে কোনো কৰ’নাভাইৰাছত আক্ৰান্ত চিনাক্ত হোৱা নাই। কিন্তু সুৰক্ষামূলক পদক্ষেপ হিচাপে লোকসকলক আবদ্ধ ৰখা হৈছে।
ভৱনটোৰ চৌপাশ ইতিমধ্যে পৰিষ্কাৰ কৰি পেলোৱা হৈছে।
খবৰ মতে অৰিহন্ত নামৰ এপাৰ্টমেণ্টটোৰ পাঁচগৰাকী আৱাসীয়ে যোৱা ১৬ মাৰ্চত মিজোৰামৰ ৰোগীগৰাকীৰ সৈতে একেখন বিমানতে আইজললৈ যাত্ৰা কৰিছিল।
শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ চিকিৎসা কৰ্মীৰ দল এপাৰ্টমেণ্টটোলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে।
এপাৰ্টমেণ্টটোত ১২টা পৰিয়াল থাকে বুলি জানিব পৰা গৈছে।
মিজোৰামৰ ৫০বছৰীয়া এজন লোকজন COVID19 পজিটিভ বুলি চিনাক্ত হৈছে।
প্ৰথমতে মিজোৰামৰ পৰীক্ষাগাৰত পৰীক্ষা কৰি তাৰ পাছত দ্বিতীয় পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰা হৈছিল GMCH লৈ।
ইয়াতো পজিটিভ ধৰা পৰা বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জনায় GMCH ৰ অধীক্ষক ডঃ ৰমেন তালুদাৰে।
মিজোৰামত পৰীক্ষাগাৰত পজিটিভ ওলোৱাৰ পাছত নিশা প্ৰায় ১১ বজাত ব্যক্তিগৰাকীৰ নমুনা GMCH লৈ পঠোৱা হৈছিল।
দ্বিতীয়বাৰ GMCH ৰ ICMR ত পৰীক্ষা কৰাৰ পাছতো তেওঁৰ পজিটিভ পোৱা বুলি অধীক্ষক তালুকদাৰে কয়।
জানিব পৰা মতে কৰ’নাত আক্ৰান্ত লোকজনে শেহতীয়াভাৱে ভ্ৰমণ কৰিছিল বহুকেইখন দেশত।
লোকজনে কাটাৰ, আমষ্ট্ৰাডাম, ইস্তানবুল, দোহা ভ্ৰমণ কৰা বুলি জানিব পৰা গৈছে।
বৰ্তমানলৈকে অৱশ্যে কোনো চৰকাৰী তথ্য প্ৰকাশ পোৱা নাই।
উল্লেখযোগ্য যে,কালি মণিপুৰৰ পশ্চিম ইম্ফলৰ ২৩ বছৰীয়া যুৱতী এগৰাকীৰ শৰীৰত এই ভাইৰাছবিধ ধৰা পৰিছিল।
অলপতে তেওঁ ব্ৰিটেইনৰ পৰা আহিছিল বুলি জানিব পৰা গৈছে।