• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউন: ISBTত কেনেকৈ দিন কটাইছে বাছতে আবদ্ধ চালকে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 28, 2020 7:57 pm
6.7k
VIEWS
Share on FacebookShare on Twitter

মাৰাত্মক কৰ’ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা লকডাউনৰ আজি চতুৰ্থ দিন।

জৰুৰীকালীন সেৱাসমূহক বাদ কৰি এতিয়া সকলোবোৰ স্তব্ধ হৈ পৰিছে। দেশজুৰি স্তব্ধ হৈ পৰিছে বাছ সেৱা, ৰেল সেৱাকে ধৰি জল পৰিবহণ সেৱা।

যোৱা এসপ্তাহ ধৰি বন্ধ হৈ আছে মহানগৰীৰ বেতকুছিস্থিত আইএছবিটি। তাত এতিয়া শ্মশানসদৃশ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।

দৈনিক ৬০০ৰ পৰা ৭০০ গাড়ী উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যলৈ চলাচল কৰে আইএছবিটিৰ পৰা। কিন্তু লকডাউনৰ ফলত এতিয়া এনেদৰে শ-শ বাছ পৰি ৰৈছে উক্ত স্থানত।

অন্য সময়ত উক্ত স্থানত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ যাত্ৰীৰ ভিৰ পৰিলক্ষিত হয়। দূৰণিবটীয়া যাত্ৰীসকলে নিজ নিজ ঠাইৰ অভিমুখী বাছৰ বাবে ৰৈ থাকে এই বাছ আস্থানত।

কিন্তু এতিয়া নীৰৱ নিস্তব্ধ আইএছবিটি। এই নিমাওমাও পৰিৱেশৰ মাজতে আবদ্ধ হৈ ৰৈছে প্ৰায় অৰ্দ্ধ শতাধিক বাছচালক।

যোৱা এসপ্তাহে অত্যন্ত কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিছে বাছচালকসকলে। তেওঁলোকৰ মাজত খাদ্য সা নাটনি হোৱাৰ লগতে খোৱাপানীৰ সুবিধাও লাভ কৰা নাই।

বাছচালকসকলৰ মাজৰ বেছিভাগ উজনি অসমৰ। লকডাউনৰ ফলত নিজৰ মৰমৰ ঘৰখনলৈ যাব পৰা নাই বাছচালকসকল।

তেওঁলোকে জনোৱা অনুসৰি আইএছবিটিত কেতিয়াও এনে অৱস্থা বা পৰিস্থিতিৰ সন্মুখীন হোৱা নাছিল।

এসাজ ভালদৰে খাবলৈ নোপোৱা এইসকল অসহায় বাছচালকসকলে আৰক্ষীৰ বিৰুদ্ধে অভিযোগ তুলি কয় যে তেওঁলোকক বাৰম্বাৰ সেই স্থান এৰিবলৈ ভাবুকি প্ৰদান কৰি আহিছে।

অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ গ’লেও আৰক্ষীয়ে ওভটাই পঠিয়াই এইসকল গাড়ীচালকক।

উল্লেখযোগ্য যে, সদাব্যস্ত এই স্থানত পূৰ্বে কেতিয়াও এনে পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল।

লকডাউনৰ ফলত আইএছবিটিত আৱদ্ধ হৈ পৰা এইসকল চালকে যিকোনো প্ৰকাৰে নিজৰ ঘৰখনলৈ যাবলৈ সুবিধা কৰি দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।

Recent News

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd