সমগ্ৰ বিশ্বত ক’ৰ’ণাৰ সন্ত্ৰাস অব্যাহত থকাৰ সময়তে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ উপৰখুটি গাঁৱত এজন যুৱক ক’ৰ‘ণাত আক্ৰান্ত হোৱাৰ সন্দেহ স্থানীয় ৰাইজ ত্ৰস্তমান হৈ পৰে।
ইজৰাইলত অধ্যয়নৰত বাক্সাৰ এজন ছাত্ৰই যোৱা ২২ মাৰ্চত ইজৰাইলৰ পৰা উত্তৰ প্ৰদেশৰ এজন সহপাঠী বন্ধুৰ সতে একেখন বিমানতে ভাৰতলৈ উভতি আহিছিল৷
ইতিমধ্যে একেলগে বিমানেৰে ইজৰাইলৰ পৰা অহা উত্তৰ প্ৰদেশৰ বন্ধুজনৰ দেহত Covid-19 ৰ উপস্থিতি ধৰা (পজিটিভ) পৰা বুলি খবৰ লাভ কৰে বাক্সা জিলাৰ এই ছাত্রজনে৷
বন্ধুজন Covid-19 ত আক্ৰান্ত হোৱা বুলি খবৰ লাভ কৰি আজি বাক্সা জিলাৰ উপৰখুটি গাঁৱৰ ছাত্রজনে স্বাস্থ্য বিভাগ আৰু ১০৮ ৰ লগত নিজেই যোগাযোগ কৰে।
খবৰ পোৱাৰ লগে লগে স্বাস্থ্য বিভাগৰ লোক আহি ছাত্ৰজনৰ ঘৰত উপস্থিত হয় আৰু ছাত্ৰজনক পৰীক্ষা কৰি তেওঁৰ ট্ৰেভেল হিস্ত্ৰী লয়।
ইতিমধ্যে ছাত্রজনে কালিৰে পৰা তীব্ৰ জ্বৰ আৰু ডায়েৰিয়াত আক্ৰান্ত হৈছিল৷ ঘৰলৈ অহাৰ দিন ধৰি ব্যক্তিতভাৱে আইচ’লেশ্যনত আছিল ছাত্ৰজন।
ছাত্ৰজনৰ স্বাস্থ্য পৰীক্ষা কৰি তাৎক্ষণিকভাৱে চিকিৎসাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি বাক্সা জিলা স্বাস্থ্য বিভাগে ছাত্ৰজনক গুৱাহাটী মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে৷
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সম্পন্ন হোৱা পৰীক্ষাত ছাত্ৰজন ক’ৰ’না ভাইৰাছত আক্ৰান্ত নহয় বুলি নিশ্চিত হৈছে।
ছাত্ৰজনে গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পৰা ৰসায়ন বিভাগত ডক্টৰেট ডিগ্ৰী লাভ কৰি উচ্চ শিক্ষাৰ বাবে ইজৰাইললৈ গৈছিল।
ছাত্ৰজনৰ দেহত Covid-19 Positive ওলোৱাৰ সন্দেহত অঞ্চলবাসী আতংকিত হৈ পৰিছিল।