সদৌ অসম ছাত্ৰ সন্থাই ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে চৰকাৰে আহ্বান জনোৱা ২১দিনীয়া লকডাউন বৰ্তমানলৈকে সুচাৰুপে মানি চলা বাবে অসমৰ প্ৰতিগৰাকী জনতালৈ ধন্যবাদ জ্ঞাপন কৰিছে।
লগতে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজত জড়িত হৈ থকা স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, পৌৰ নিগম আৰু পৌৰ সভা কৰ্মচাৰীৰ প্ৰমুখ্যে জৰুৰীকালীন আৰু অত্যাৱশ্যকীয় সেৱা লগত জড়িত সকলোকে ছাত্ৰ সন্থাই ধন্যবাদ জ্ঞাপন কৰিছে।
ৰাইজ আৰু জৰুৰী সেৱাৰ কৰ্মচাৰীসকলক ধন্যবাদ জ্ঞাপনৰ লগতে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ছাত্ৰ সন্থাৰ কৰ্মীসকলকো এক বিশেষ আহ্বান জনাইছে।
সভাপতিগৰাকীয়ে গাওঁ আৰু মফচলীয় অঞ্চলসমূহত ছেনিটাইজেচনত সহায় কৰিবলৈ আঞ্চলিক আৰু জিলা ছাত্ৰ সন্থাসমূহক আহ্বান জনাইছে।
“কাইলৈৰ পৰা সকলো আঞ্চলিক ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থাই এই কথাটোত গুৰুত্ব দি আগবাঢ়িব লাগে,” নাথে কয়।
“প্ৰত্যেক গাওঁ-মফচলীয় অঞ্চল যিবোৰত বৰ্তমান সময়তো চেনিটাইজ হোৱা নাই অথবা কৰ’নাভাইৰাছৰ সংক্ৰমণ নাশ কৰা কোনো দ্ৰব্য গৈ পোৱা নাই, সেই অঞ্চলসমূহত ছাত্ৰ সন্থা কর্মীসকলে কৃষকৰ স্প্ৰে মেচিনৰ জৰিয়তে ব্লিছিং পাউদাৰ তথা চৰকাৰীভাৱে চেনিটাইজ কৰা যিসমূহ দ্ৰব্য আছে সেই সমূহ যুগুত কৰি নিজাকৈ সেই অঞ্চল সমূহৰ চুক-কোণ সামৰি চেনিটাইজ কৰিব লাগে।”
চৰকাৰ তথা প্ৰশাসনে সাঙুৰি ল’ব নোৱাৰা অঞ্চলসমূহত প্ৰশাসনৰ অনুমতি লৈ চেনিটাইজ কৰাটো উচিত বুলি আছুৰ সভাপতিজনে মন্তব্য কৰে৷
তেওঁ কয় যে লকডাউনৰ সময়ত আছু কৰ্মীসকলে দৰিদ্ৰ লোকসকলৰ কাষত থিয় দিছে আৰু খাদ্য সামগ্ৰীৰ উপৰি দৰৱ আদিও যোগান ধৰিছে।
“শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় জিলাৰ লগতে বহুকেইখক জিলাৰ জিলা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাই দৰৱ-ঔষধপাতি যোগান ধৰিবলৈ প্ৰচেষ্টা কৰিছে,” নাথে কয়।
কৰ’নাভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ সময়ত ইজনে-সিজনক সহায় কৰি আমি আগবাঢ়ি যাব লাগিব বুলি তেওঁ মন্তব্য কৰে।
“বেমাৰ যাতে কোনো কাৰণত বিয়পি পৰিব নোৱাৰে। সমগ্ৰ অসমত কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলো একত্ৰিত হব লাগিব,” নাথে কয়।