যোৱা কেইদিনমান ধৰি বাওঁ আৰু সোঁ ৰাজনীতিয়ে ৰাজনৈতিক-সামাজিক পৰিৱেশ উত্তাল কৰি তোলা ত্ৰিপুৰাত অভূতপূৰ্ব নিৰাপত্তাৰ মাজত আজি পুৱা ৭ বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে।
মুঠ ৬০ খন আসনৰ ভিতৰত ৫৯ খন আসনৰ বাবে আজি ভোটদান হ’ব। এই ভোটদানৰ জৰিয়তে ২৫,৩৬,৫৮৬ জন ভোটাৰে মুঠ ২৯২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰে ২৩ গৰাকী মহিলা। আনহাতে চাৰিলাম বিধানসভা সমষ্টিৰ চি পি আই (এম)ৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ দেৱবৰ্মনৰ মৃত্যু হোৱা বাবে সমষ্টিটোৰ নিৰ্বাচন অহা ১২ মাৰ্চলৈ পিছুৱাই দিয়া হৈছে।
চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে আজি আবেলি ৪ বজাত ভোটদান পৰ্ব অন্ত পৰিব। মুঠ ৩,২১৪ টা ভোটদান কেন্দ্ৰত ভোটগ্ৰহণ সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে ৪৭ টা ভোটকেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত।
এইবাৰ ৰাজ্যখনৰ নিৰ্বাচন তথা ভোটদান প্ৰক্ৰিয়াত দেখিবলৈ পোৱা অভূতপূৰ্ব দৃষ্টান্তটো হ’ল অভূতপূৰ্ব নিৰাপত্তা। ৰাজ্যখনত শেহতীয়াকৈ উত্থান কৰা সোঁ-ৰাজনীতিৰ লগতে বাওঁ দলবিলাকৰো কৰ্মীসকল অতি সক্ৰিয় হৈ থকাত ইয়াত আইন-শৃংখলাজনিত পৰিস্থিতি জটিল হৈ পৰাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিততে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।