• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব ত্ৰিপুৰা

বাওঁ আৰু সোঁ ৰাজনীতিত উত্তাল হোৱা ত্ৰিপুৰাত অভূতপূৰ্ব নিৰাপত্তাৰ মাজত ভোট

এন ই নাও নিউজ by এন ই নাও নিউজ
February 18, 2018 8:31 am
Voters-in-tripura-570x320

নিজৰ ভোটাধিকাৰ সাব্যস্তৰ বাবে শাৰী পাতি থকা ত্ৰিপুৰাৰ ভোটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কেইদিনমান ধৰি বাওঁ আৰু সোঁ ৰাজনীতিয়ে ৰাজনৈতিক-সামাজিক পৰিৱেশ উত্তাল কৰি তোলা ত্ৰিপুৰাত অভূতপূৰ্ব নিৰাপত্তাৰ মাজত আজি পুৱা ৭ বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে।

মুঠ ৬০ খন আসনৰ ভিতৰত ৫৯ খন আসনৰ বাবে আজি ভোটদান হ’ব। এই ভোটদানৰ জৰিয়তে ২৫,৩৬,৫৮৬ জন ভোটাৰে মুঠ ২৯২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰে ২৩ গৰাকী মহিলা। আনহাতে চাৰিলাম বিধানসভা সমষ্টিৰ চি পি আই (এম)ৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ দেৱবৰ্মনৰ মৃত্যু হোৱা বাবে সমষ্টিটোৰ  নিৰ্বাচন অহা ১২ মাৰ্চলৈ পিছুৱাই দিয়া হৈছে।

Apply Now

চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে আজি আবেলি ৪ বজাত ভোটদান পৰ্ব অন্ত পৰিব। মুঠ ৩,২১৪ টা ভোটদান কেন্দ্ৰত ভোটগ্ৰহণ সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে ৪৭ টা ভোটকেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত।

এইবাৰ ৰাজ্যখনৰ নিৰ্বাচন তথা ভোটদান প্ৰক্ৰিয়াত দেখিবলৈ পোৱা অভূতপূৰ্ব দৃষ্টান্তটো হ’ল অভূতপূৰ্ব নিৰাপত্তা। ৰাজ্যখনত শেহতীয়াকৈ উত্থান কৰা সোঁ-ৰাজনীতিৰ লগতে বাওঁ দলবিলাকৰো কৰ্মীসকল অতি সক্ৰিয় হৈ থকাত ইয়াত আইন-শৃংখলাজনিত পৰিস্থিতি জটিল হৈ পৰাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিততে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে এইবাৰ ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত দেশৰ শাসনত থকা দল বিজেপিয়ে নিজৰ স্থিতি সবল কৰাই নহয়, দেশৰ শীৰ্ষ স্তৰৰ সকলো নেতাই জোৰদাৰ প্ৰচাৰ চলাইছিল ৰাজ্যখনত।
ত্ৰিপুৰাৰ নিৰ্বাচনী বিষয়া শ্ৰীৰাম তাৰিণীকান্তিয়ে শনিবাৰে আবেলি এখন সংবাদমেলত কৈছিল যে নিৰ্বাচন নিকা, নিৰপেক্ষ আৰু ভয়হীন কৰাৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে। সমগ্ৰ ৰাজ্যখনতে উপযুক্ত সংখ্যক নিৰাপত্তা ৰক্ষী মোতায়েন কৰাৰ কথা তেওঁ উল্লেখ কৰিছিল। ভাৰত-তিবেত সীমান্ত আৰক্ষীৰ সঞ্চালক প্ৰধান আৰ কে পঞ্চানন্দক বিশেষ নিৰাপত্তা নিৰীক্ষক নিযুক্তি দিয়া হৈছে বুলি তেওঁ জনায়।
‘আগতীয়া সতৰ্কতা হিচাপে ৰাজ্যখনত ১৪৪ ধাৰা জাৰি কৰা হৈছে আৰু ভোটদান পৰ্বত কোনো অপঘটনা সৃষ্টি কৰিব খোজা যিকোনো পক্ষৰ বিৰুদ্ধেই আইনে কঠোৰ ব্যৱস্থা ল’ব।’ তেওঁ কয়।
উল্লেখযোগ্য যে ৰাজ্যখনৰ ভোট গণনা অহা ৩ মাৰ্চত সম্পন্ন হ’ব। বৰ্তমান ৰাজ্যখনত বাওঁ মৰ্চাই শাসন কৰি আছে।
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd