সমগ্ৰ দেশৰ লগতে ৰাজধানী নতুন দিল্লীতো ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ আছে।
ক’ৰ’না ভাইৰাছৰ ক্ৰমাগত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লী পৌৰ নিগমে (এন ডি এম চি) ৰাজহুৱা স্থানত পিকোৱা আৰু প্ৰস্ৰাৱ কৰা নিষিদ্ধ কৰিছে।
পৌৰ নিগমে যিসকল লোকে প্ৰশাসনৰ নিয়ম উলংঘা কৰি ৰাজহুৱা স্থানত পিকাই অথবা প্ৰস্ৰাৱ কৰে সেইসকল লোকে ১০০০ টকা জৰিমনা ভৰিব লাগিব বুলি উল্লেখ কৰে।
উল্লেখযোগ্য যে, ইয়াৰপূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে ল’কডাউনৰ সময়ত দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত ৰাজহুৱা স্থানত পিকোৱাতো শাস্তিমূলক অপৰাধ হিচাপে ঘোষণা কৰিছিল।
ৰাজধানী দিল্লীত বৰ্তমানলৈ ১৭০০ অধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।
ভাৰততো ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৪,০০০ অতিক্ৰম কৰাৰ বিপৰীতে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৫০ অতিক্ৰম কৰিছে।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ মে’ লৈ ল’কডাউন বৃদ্ধিৰ কথা ঘোষণা কৰাৰ সময়ত ২০ এপ্ৰিললৈ যাতে সকলো ৰাজ্যই কঠোৰ নিৰ্দেশনাৰ মাজেৰে ল’কডাউন পালন কৰি সেই কথা নিশ্চিত কৰিবলৈ প্ৰতিখন ৰাজ্যৰ আৰক্ষী আৰু প্ৰশাসনক আহ্বান জনাইছিল।





