• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষকৰ ফচল চৰকাৰক কিনা-বেচা কৰাৰ আহ্বান কংগ্ৰেছৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 26, 2020 5:45 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰ্বত্ৰে কৰ‘নাৰ আতংক৷ কৰ‘নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশৰ প্ৰধান মন্ত্ৰীয়ে ৩ মে’ পৰ্যন্ত লকডাউন ঘোষনা কৰিছিল৷ এই লকডাউনৰ ফলত দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহৰ লগতে কৃষক সমাজ বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে৷

বৰ্তমানৰ কৃষকসকলে উৎপাদন কৰা ফচলসমূহ অসম কৃষি বিপণন পৰিষদৰ জৰিয়তে ক্ৰয় কৰি জিলাই জিলাই বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছে৷

Apply Now

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয়, “বিভাগটোৱে বিবৃতি আৰু সভা–সমিতি পতাৰ বাহিৰে খেতিপথাৰ পৰিদৰ্শন কৰি লাভ নাই এই সময়ত৷ বৰ্তমানৰ কৃষক সকলে উৎপাদন কৰা ফচলসমূহ অসম কৃষি বিপণন পৰিষদৰ জৰিয়তে ক্ৰয় কৰি জিলাই জিলাই বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। ইয়াৰ ফলত কৃষক ৰাইজেও সকাহ পাব লগতে ক্ৰেতা ৰাইজেও প্ৰয়োজন অনুসৰি শাক পাচলি লাভ কৰিব পাৰিব।”

এনে দুৰ্ভাগ্যজনক মুহূৰ্তত অসম চৰকাৰ আৰু অসম চৰকাৰৰ কৃষি বিভাগে গ্ৰহণ কৰা ব্যৱস্থা বৰ পুতৌজনক বুলি আখ্যা দি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিওযোগে কয়, “কৃষক ৰাইজে বেংক তথা বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ কৰা খেতিৰ বিপৰীতে বিক্ৰী কৰিব নোৱাৰি ফচল এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে৷ একাংশই আত্মহত্যাৰ দৰে কথাও ভবিব লোৱাটো পৰিলক্ষিত হৈছে।”

ইপিনে মুখ্য মন্ত্ৰী সোণোৱাল আৰু কৃষি মন্ত্ৰী অতুল বৰাক বাস্তৱৰ ক্ষেত্ৰখনলৈ আহিবলৈ অনুৰোধ কৰি মুখপাত্ৰগৰাকীয়ে কয়, “আপোনালোকে বিনামূলীয়াকৈ যোগান ধৰা টেক্টৰসমূহেৰে পথাৰ সমূহ চহাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক৷ কঠিয়াৰ লগতে উন্নত বীজ, সাৰ আৰু ডিজেলৰ যোগান ধৰি কৃষকক বৰ্তমানৰ সময়ৰ লগতে আহি থকা সময়ত সকাহ দিয়া বাবে ব্যৱস্থা কৰক৷ নহ’লে আমিও খাদ্যৰ অভাৱত মৰিম৷”

কংগ্ৰেছ চৰকাৰৰ দিনত আলু আৰু পিয়াঁজৰ মুল্যবৃদ্ধি হৈছিল তেতিয়া কৃষি বিপণন পৰিষদৰ জৰিয়তে ক্ৰয় কৰি সুলভ মূল্যত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি সঠিক পদক্ষেপ গ্ৰহণ কৰিছিল বুলি কয় ভট্টাচাৰ্য্যই৷

আনহাতে ৰাজ্যৰ শীতলীকৰণ কক্ষসমূহ ব্যৱহাৰৰ বাবে কৃষি বিভাগ সমৰ্থৱান নহয় বুলি কৈ তেওঁ কয় শিঙিমাৰী শীতলীকৰণ কক্ষটো কোনোবা বনিয়াক মচলা ৰখাৰ বাবে ভাড়া দিয়াৰ হঠকাৰী সিদ্ধান্তক বাতিল কৰি সেই অঞ্চলত উৎপাদিত সামগ্ৰী ৰখাৰ ব্যৱস্থা কৰক৷

“যোৰহাটৰ শীতলীকৰণ কক্ষতো একমাত্ৰ বিদ্যুৎ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে সেইটো কাৰ্যক্ষম হৈ উঠা নাই,” তেওঁ কয়৷

ৰাজ্যৰ শীতলীকৰণ কক্ষ যিমান আছে সেইকেইটা ব্যৱহাৰ কৰাৰ বাবে আপোনালোক সমৰ্থৱান হোৱা নাই বুলি অপূৰ্ব ভট্টাচাৰ্য্যই তীব্ৰ সমালোচনা কৰাৰ লগতে গাহৰি জ্বৰত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা গাহৰিৰ গৰাকীক উচিত ক্ষতিপূৰণ দিয়াৰ পদক্ষেপ শীঘ্ৰে গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd