কালি বঙাইগাঁও জিলাৰ ১৬ বছৰীয়া কিশোৰীগৰাকী কোভিড-১৯ পভিটিভ ধৰা পৰাৰ লগতে গোৱালপাৰাৰ এজন বৃদ্ধ লোকৰ দেহতো এই ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।
বঙাইগাঁও জিলাৰ শালমৰাৰ ১৬ বছৰীয়া কিশোৰীগৰাকীৰ শৰীৰত ৩৬ দিনৰ পাছত এই ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পাছতে উদ্বিগ্ন হৈ পৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যালয়ত মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰা এক সংবামেলত এই বিষয় লৈ সুক্ষ্মভাৱে অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে বুলি মন্ত্ৰীগৰাকীয়ে কয়।
তেওঁ কয় ‘বঙাইগাওঁৰ আফিয়া তবচুম (১৬) নামৰ কিশোৰী গৰাকী হ’ম কোৱাৰেন্টাইনত আছিল। কালিয়ে আক্ৰান্ত হোৱা মফিজুদ্দিন আহমেদ ফেচিলিটী কোৱাৰেন্টাইনত আছিল। যোৱা ২৩ মাৰ্চত জামালুদ্দিন হাজি নামৰ নিজামুদ্দিন মাৰ্কাজলৈ যোৱা ব্যক্তিজনৰ সংস্পৰ্শলৈ আহিছিল। তেওঁলোক দুগৰাকীৰ মাজত ককাক নাতিনীয়েকৰ সম্পৰ্ক আছিল।’
‘সংস্পৰ্শলৈ অহা ৩৬ দিন পাছত এই ভাইৰাছৰ উপস্থিতি দেখা দিয়াটোৱে এইটোৱে সূচাইছে যে যদিও নাতিনীয়েক আৰু ককাক মাজত ২৩ মাৰ্চত দেখা-দেখি হৈছিল তথাপি এনে কিছু ব্যক্তি থাকিব পাৰে যাৰ জৰিয়তে দুয়োটা পৰিয়ালৰ মাজত সম্পৰ্ক আছিল।‘ সন্দেহ প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
ইপিনে, হোম কোৱাৰেন্টাইন পৰ্যায়ত থকা অৱস্থাত পজিটিভ কেচ এইটোৱেই প্ৰথম বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় ‘হোম কোৱাৰেন্টাইন হোৱা মানে অলপ হ’লেও সমাজৰ লগত সম্পৰ্ক থাকে। ৰোগটো ক’ৰ পৰা আহিল তাক লৈয়ো চোৱা-চিতা কৰাৰ প্ৰয়োজনীয়তা আছে।‘
এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ উপায়ুক্তক অতি সুক্ষ্মভাৱে তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
কাইলৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকা বঙাইগাঁওলৈ যাব বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।
আনহাতে, দুগৰাকী ৰোগী চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হ’ব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় ‘ধুবুৰীৰ হজৰৎ আলি(৩৫) আৰু গোৱালপাৰাৰ চমিৰুল হকক(২২) আজি মুকলি কৰি দিয়া হ’ব। চাৰিবাৰকৈ তেওঁলোকক টেষ্ট কৰোৱা হৈছিল আৰু চাৰিওবাৰ টেষ্টতে নিগেটিভ পোৱা গৈছে।‘
হিমন্তই জনোৱা অনুসৰি বৰ্তমান ৰাজ্যত পজিটিভ কেচ ৩৭টা, ২৯ গৰাকীক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হ’ল। অসমত মুঠ ৭ গৰাকী ৰোগী চিকিৎসালয়ত বৰ্তমানো চিকিৎসাধীন হৈ আছে বুলিও তেওঁ কয়।