ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাস পাঠক বৰ্তমান অসুস্থ৷
ডেকা সত্ৰাধিকাৰ গৰাকী যোৱা ১৪ এপ্ৰিলত পিঠিৰ বিষত ভূগি থকাৰ ফলত বৰপেটাত চিকিৎসাধীন হৈছিল৷
কিন্তু এই বিষ নিৰাময় নোহোৱাত উন্নত চিকিৎসাৰ বাবে কালি তেখেতক পৰিয়ালৰ লোকে গুৱাহাটীৰ এপলো হাস্পতালত ভৰ্তি কৰায়৷
ডেকা সত্ৰীয়া গৰাকীক বৰ্তমান আই চি ইউত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে৷
ডেকা সত্ৰীয়া গৰাকীৰ অসুস্থ হোৱাৰ খবৰে বৰপেটাবাসী মৰ্মাহত হৈছে আৰু তেখেতৰ দ্ৰুত আৰোগ্য কামনা কৰিছে সত্ৰ নগৰী বৰপেটাবাসীয়ে।