• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লকডাউন: অসমৰ যুৱ প্ৰজন্মক অৰ্থনৈতিক স্বাধীনতাৰ মন্ত্ৰ দিলে আলফা নেতা জিতেন দত্তই

‘কৃষি বিভাগৰ সু-পৰিকল্পিত আঁচনি নথকাৰ বাবে অসমৰ কৃষকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে’ : জীতেন দত্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 30, 2020 8:50 pm
IMG-20181026-WA0031

আলফা নেতা জীতেন দত্ত। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ ফলত অৰ্থ ব্যৱস্থাৰ প্ৰতি অশনি সংকেত নামি আহিছে। সমগ্ৰ দেশতে অৰ্থনৈতিক উন্নয়ন কিছু পৰিমাণে স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে।

তেনে সময়তে আলোচনা পন্থী আলফা নেতা জীতেন দত্তই ৰাজ্যৰ যুৱ প্ৰজন্ম আৰু চৰকাৰলৈ আগবঢ়াইছে কেইটামান গুৰুত্বপূৰ্ণ পৰামৰ্শ।

Apply Now

নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰে সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত তেওঁ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাই কয়, ‘এতিয়া যি অৱস্থা হৈছে, ভাৰত আৰু অসমৰ অৰ্থনৈতিক অৱস্থা বিধস্ত হৈ পৰিছে। এনে অৱস্থাত চৰকাৰে চাকৰি দিব বা সংস্থাপন পাম সেইবিলাকলৈ আশা কৰি ৰৈ থাকি লাভ নাই।‘

‘নিজস্ব প্ৰচেষ্টাৰে লগত যি ৫ হাজাৰ বা ১০ হাজাৰ টকা আছে তাৰে তেওঁলোকে ব্যৱসায়সমূহ আৰম্ভ কৰিব লাগিব।‘ দত্তই এইদৰে কয়।

ইপিনে, আটাইতকৈ কম খৰচত কৰিব পৰা ব্যৱসায়সমূহ যুৱ প্ৰজন্মই বাছি ল’ব লাগিব বুলি সদৰী কৰি তেওঁ লগতে কয়, ‘কাৰোবাৰ পুখুৰী আছে সেইবোৰত মাছ বা হাঁহ পালন কৰিব পাৰে। এনেই পৰি থকা মাটিসমূহত অমিতা খেতিকে ধৰি অন্য খেতি কৰিব পাৰে। কোনোবাই বজাৰত গৈ মাছ-মাংস বিক্ৰী কৰা বা ঘৰে ঘৰে গৈ অত্যাৱশ্যকীয় খাদ্য যোগান ধৰি নিজৰ আয়ৰ পথ বাছি ল’ব পাৰে।প্ৰতিজন যুৱকে সংকল্প ল’ব লাগে যে দিনটোত তেওঁ ৫০০ টকা আয় কৰিবই।‘

‘এচাম যুৱকে চৰকাৰে লোণৰ যোগান নধৰে বুলি কৈ থাকে।‘ এইদৰে উল্লেখ কৰি তেওঁ লগতে কয়, ‘কিন্তু এতিয়া যি অৰ্থনৈতিক অৱস্থা হৈছে চৰকাৰী লোণলৈ আশা কৰি বহি থাকিলে কেতিয়াও সমস্যাৰ সমাধান নহয়।চৰকাৰী লোণ বা সাহায্যলৈ আশা নকৰি নিজস্ব প্ৰচেষ্টাৰে নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ চেষ্টা কৰিব লাগে।‘

আনহাতে, এই সময়ছোৱাত চৰকাৰৰ কেইটামান বিভাগলৈয়ো দত্তই কেইটামান গুৰুত্বপূৰ্ণ আহ্বান জনায়।

তেওঁ কয়, ‘চৰকাৰক আহ্বান জনাইছো কৃষি বিভাগ, মীন বিভাগ আৰু পশুপালন বিভাগৰ কাৰ্য্যালয়ে কৃষিক্ষেত্ৰৰ লগত জৰিত যুৱকসকলৰ লগত যোগাযোগ কৰক। লগতে চৰকাৰৰ বিভাগসমূহৰ পৰা যুৱকসকলে ন্যুনতম সুবিধাখিনি গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগে।‘

তেওঁ লগতে ওপৰোক্ত বিভাগসমূহৰ বিষয়াসকললৈ আহ্বান জনাই কয়, ‘অসমলৈ অহা যুৱকসকলক কৃষি, পশুপালন বা মীন বিভাগৰ বিষয়াসকলে যাতে অলপ হ’লেও সহযোগিতা আগবঢ়ায় তেওঁলোক নিজৰ ভৰিৰ ওপৰত থিয় হ’ব পাৰে।‘

আনহাতে, ৰাজ্যৰ কৃষি বিভাগৰ সুপৰিকল্পিত আঁচনি নথকাৰ বাবে অসমৰ কৃষকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বুলি তেওঁ অভিযোগ তোলে।

তেওঁ কয় যে কৃষি বিভাগৰ সু-পৰিকল্পিত আঁচনি নথকাৰ বাবে অসমৰ কৃষকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

‘আজিৰ তাৰিখত যদি চৰকাৰে ক’ত ক’ত কৃষকসকলে শাক-পাচলিৰ খেতি কৰিছে সেই তথ্যসমূহ সংগ্ৰহ কৰি সেইসমূহ ক্ৰয় কৰি আনি চহৰত যোগান ধৰাৰ ব্যৱস্থা কৰিলেহেঁতেন তেতিয়া খেতিয়কসকলেও সকাহ পালেহেঁতেন।আজি ডিব্ৰগড়লৈ খাৰুপেটিয়াৰ পৰা শাক-পাচলি আহিবলগীয়া অৱস্থা হৈছে।‘ দত্তই লগতে কয়।

তেওঁ লগতে কয়, ‘হাজাৰ হাজাৰ বিঘা বিলাহী খেতি নষ্ট হৈছে বা জলকীয়া গছতে শুকাইছে। বিলাহীবিলাক পেলোৱাৰ বিপৰীতে ঘৰতে য়ু-টিউব চাই বিলাহীৰ চচ প্ৰস্তুত কৰিব পাৰিলেহেঁতেন। জলকীয়াৰ পৰা গুৰি প্ৰস্তুত কৰিব পাৰে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd