• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিকিৎসক এম এম ইছলামৰ বিৰুদ্ধে জামাতিক গোপনে চিকিৎসা কৰাৰ ভয়ংকৰ অভিযোগ

জিলা উপায়ুক্তক উপযুক্ত তদন্তৰ নিৰ্দেশ মন্ত্রী হিমন্তৰ; ইছলামৰ বিৰুদ্ধে বহু তথ্য জিলা উপায়ুক্তৰ হাতত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 2, 2020 1:24 pm
WhatsApp Image 2020-05-02 at 12.51.31 PM

চিকিৎসক ডাঃ এম এম ইছলাম। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সময়ত সমগ্ৰ বিশ্বজুৰি চিকিৎসক,নাৰ্ছ আৰু স্বাস্থ্য কৰ্মীয়ে দিন-ৰাতি একাকাৰ কৰি ক’ৰ’নাৰ বিৰুদ্ধে যুঁজখনত নিজৰ কৰ্তব্য পালন কৰি আহিছে, তেনে সময়তে বঙাইগাঁও ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসকৰ বিৰুদ্ধে উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ।

স্বাস্থ্য কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া এম এম ইছলামৰ বিৰুদ্ধে জামাতিৰ লগত সু-সম্পৰ্ক ৰাখি তেওঁলোকক মনে মনে চিকিৎসা সেৱা প্ৰদান কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে।

Apply Now

ইতিমধ্যে বঙাইগাঁও জিলা উপায়ুক্তৰ হাতত চিকিৎসকগৰাকীৰ বিৰুদ্ধে বহু তথ্য আহি পৰিছে বুলি কালি এক সংবাদমেলত জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

“আমাৰ জিলা উপায়ুক্তই চিন্তা কৰি আছে যে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ প্ৰয়োজনীয়তা আছে নেকি? কাৰণ তেওঁ জামাতি সকলৰ লগত সম্পৰ্ক ৰাখি চিকিৎসা সেৱা আগবঢ়াই আহিছিল বুলি খবৰ ওলাইছে। সেই হাস্পাতালৰ পৰাই যেন মাৰাত্মক ৰোগটো বিয়পিছে তেনে কিছু তথ্য পোহৰলৈ আহিছে। জিলা উপায়ুক্তৰ হাতত বহু তথ্য আছে যে সেইগৰাকী চিকিৎসকৰ কাৰণে তেনে এটা ঘটনা গোটেই জিলাখনতে সংঘটিত হ’ল।” ডিএমচিএইচত সম্বোধন কৰা এক সংবাদমেলত এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

ইতিমধ্যে কালি স্বাস্থ্য বিভাগৰ আয়ুক্ত আৰু সঞ্চালক বঙাইগাঁও জিলাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বুজ লোৱা বুলি মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ লগতে কয়, “জিলা উপায়ুক্তক কোৱা হৈছে ভাবি চিন্তি সত্য-সত্যতা চাইহে চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পুলিচে নিজে গোচৰ ৰুজু কৰি তেওঁক নিৰীক্ষণত ৰাখিছে। চিকিৎসকজনৰ আচাৰ-ব্যৱহাৰ আমাৰ নজৰত আছে।”

ইপিনে, সেই স্বাস্থ্য কেন্দ্ৰতে কৰ্মৰত এগৰাকী নাৰ্চেও ইছলামৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ।

নাৰ্ছ গৰাকীৰ অভিযোগ অনুসৰি “চিকিৎসকজনৰ জামাতি জমিৰ আলিৰ সৈতে সু-সম্পৰ্ক আছিল আৰু তেওঁৰ গৃহত গৈ সঘনে ভাত পানীও খাইছিল। দলাইগাঁও উজানপাৰাৰ জমিৰ আলি গুৱাহাটীৰ আঠগাওঁ মছজিদত গৈ ধৰ্মীয় সভাত অংশ লৈ বঙাইগাঁওলৈ উভতি আহিছিল।”

ইপিনে, চিকিৎসকজনৰ বাবেই স্বাস্থ্য কেন্দ্ৰটোৰ দুগৰাকীকৈ স্বাস্থ্য কৰ্মী ক্ৰমে অনুপম ঠাকুৰীয়া আৰু ববিতা বাছফৰৰ দেহত এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণ হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

উল্লেখযোগ্য যে, দুগৰাকী কোভিড-১৯ ৰোগী ধৰা পৰাৰ পাছতে কালি বঙাইগাঁও জিলা প্ৰশাসনে স্বাস্থ্য কেন্দ্ৰটো ছীল কৰি দিছে। লগতে স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক নাৰ্ছকে ধৰি মুঠ ২১৩ গৰাকী লোকক হোম কোৱাৰেন্টাইনত থাকিবলৈ জিলা উপায়ুক্তই নিৰ্দেশ দিছে।

জানিব পৰা মতে চিকিৎসক জনৰ লগতে তেওঁৰ পাঁচ জনীয়া পৰিয়ালটোকো হোম কোৱাৰেন্টাইনত ৰখা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd