কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দিল্লীস্থিত মুখ্য কাৰ্যালয় ছীল কৰা হৈছে।
মুখ্য কাৰ্যালয়ৰ কৰ্মচাৰীৰ শৰীৰত কোভিড১৯ পজিটিভ ধৰা পৰা পিছতে দেওবাৰে কাৰ্যালয়টো ছীল কৰা হয়।
উল্লেখ্যে যে, বাহিনীটোত কৰ্মৰত বহুসংখ্যক জোৱানৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱাৰ পিছত আজি দেওবাৰে মুখ্য কাৰ্যালয়ত কৰ্মৰত এগৰাকী আশুলিপিকাৰৰ(stenographer) শৰীৰত কোভিড১৯ পজিটিভ পোৱাৰ পিছতে কাৰ্যালয়টো ছীল কৰা হৈছে।
কোভিড১৯ত আক্ৰান্ত আশুলিপিকাৰগৰাকী চি আৰ পি এফৰ অতিৰিক্ত সঞ্চালক জাভেদ আখটাৰৰ কক্ষত নিয়োজিত আছিল।
ইতিমধ্যে জাভেদ আখটাৰৰ লগতে অন্য ১০ জন বিষয়াক হোম-কোৱাৰান্টেইন কৰা হৈছে আৰু মুখ্য কাৰ্যালয়ত আক্ৰান্ত লোকজনৰ সংস্পৰ্শলৈ অহা লোকসকলক অনুসন্ধান কৰি যোগাযোগ কৰা হৈছে।
উক্ত আক্ৰান্ত ঘটনা পোহৰলৈ অহাৰ পিছতে দেওবাৰে মুখ্য কাৰ্যালয়টোৰ লগতে চৌহদটোকো সম্পূৰ্ণৰূপে চেনিটাইজ কৰা হৈছে বুলি বিভাগীয় সূত্ৰই প্ৰকাশ কৰিছে।
ইয়াৰ পূৰ্বে চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ৰ এজন চালকৰ শৰীৰত কোভিড১৯ৰ পজিটিভ পোৱা গৈছিল।
উল্লেখ্য যে বৰ্তমানলৈকে চি আৰ পি এফৰ ১৪৪ জন জোৱানৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে। ইয়াৰ ১৩১ জন হৈছে বাহিনীটোৰ ময়ুৰ বিহাৰস্থিত ৩১ নং বেটেলিয়নৰ জোৱান। ইতিমধ্যে ময়ুৰ বিহাৰস্থিত উক্ত বেটেলিয়নটোকো ছীল কৰা হৈছে।
আনহাতে চি আৰ পি এফৰ এজন উপ-পৰিদৰ্শক ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু ঘটিছে আৰু ২০ জন জোৱানৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল আহিবলৈ বাকী আছে।