কোকৰাঝাৰ চহৰত দেওবাৰে নিশা সংঘটিত হৈছে এটা জঘন্য ঘটনা। এটি পাঁচবছৰীয়া কন্যা শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰা ঘটনা পোহৰলৈ অহাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনা সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনন্দ বসুমতাৰীয়ে জানিবলৈ দি কয় যে শিশুটিৱে কোকৰাঝাৰ ৰেইল ষ্টেশ্যনৰ উত্তৰফালে অৱস্থিত নিজৰ ঘৰৰ ওচৰতে অন্য দুটি শিশুৰ সৈতে খেলি আছিল। সেই সময়তে লম্পটজনে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি শিশুটিক নিৰ্যাতন চলায়।
শাৰিৰীক নিৰ্যাতন চলোৱা ব্যক্তিজন দেৱীলাল ঠাকুৰ বুলি চিনাক্ত কৰা হৈছে। ব্যক্তিজন পেচাত এগৰাকী নাপিত বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া বসুমতাৰীয়ে।
আৰক্ষীয়ে লোকজনৰ বিৰুদ্ধে POSCO এক্টৰ ধাৰা ৩৭৬ AB/IPC R/Wৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।
আৰক্ষী বিষয়া বসুমতাৰীয়ে লগতে জানিবলৈ দি কয় যে সমগ্ৰ দেশতে চলি থকা লকডাউনৰ সময়তে নাবালিকা ছোৱালীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত লোকজনক জেইললৈ প্ৰেৰণ কৰা হৈছে।