বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত সোমবাৰে মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত কোভিড-১৯ মহামাৰী প্ৰতিৰোধত অতন্দ্ৰ সেনানীৰ ভূমিকা পালন কৰা চিকিৎসক, নাৰ্চ তথা চিকিৎসা কৰ্মী সকলক সম্বৰ্ধনা জনোৱা হয়।
এখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিগৰাকীলৈ একোখন মাস্ক, একোটাকৈ হেণ্ড চেনিটাইজাৰ, কলম আৰু পেদ মহকুমা প্ৰশাসনৰ হৈ উপহাৰ স্বৰূপে মহকুমাধিপতি বিবেক শ্যামে প্ৰদান কৰে।
এই সম্বৰ্ধনা কাৰ্য্যসূচীত মহকুমাধিপতিয়ে মহামাৰীৰ এই সময়ছোৱাত অবিৰতভাৱে সেৱা আগবঢ়োৱা সকলো চিকিৎসক, নাৰ্চ, চিকিৎসাকৰ্মী , প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু সাংবাদিকলৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰে।
অসমৰ মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ সবল নেতৃত্বত ৰাজ্যখনে মহামাৰী কোভিড-১৯ ৰোধ কৰিবলৈ সক্ষম হব বুলিও উল্লেখ কৰে মহকুমাধিপতি গৰাকীয়ে।
সম্বৰ্ধনাৰ শেষত মহকুমাধিপতি গৰাকীয়ে উপস্থিত ডাক্টৰ, নাৰ্চ তথা চিকিৎসা কৰ্মী সকলে কৰ্মক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন অসুবিধা সমূহৰো বুজ লয় আৰু প্ৰশাসনৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।