মহাশক্তিধৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে।
হোৱাইট হাউচত কৰ্মৰত আমেৰিকান সৈন্য বাহিনীৰ এগৰাকী সদস্য ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি মাইক পেনছৰ স্বাস্থ্যক লৈ সন্দেহ প্ৰকাশ কৰা হৈছিল।
দেশৰ ৰাষ্ট্ৰপ্ৰধান গৰাকী ক’ৰ’নাত আক্ৰান্ত হৈছে নেকি এই সন্দেহ দূৰ কৰাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু উপ-ৰাষ্ট্ৰপতি মাইক পেনছৰ নমুনা সংগ্ৰহ কৰি ক’ৰ’নাৰ পৰীক্ষাৰ বাবে পঠোৱা হয়।
ক’ৰ’নাৰ পৰীক্ষাত দুয়োৰে ফলাফল নিগেটিভ আহে।
ট্ৰাম্পৰ ফলাফল নিগেটিভ অহাৰ পাছতহে স্বত্তিৰ নিশ্বাস ঘুৰি আহিছে হোৱাইট হাউচলৈ।
উল্লেখযোগ্য যে, ড’নাল্ড ট্ৰাম্পক দ্বিতীয় বাৰৰ বাবে ক’ৰ’না ভাইৰাছৰ পৰীক্ষা কৰা হয় আৰু দুয়োবাৰে ফলাফল নিগেটিভ আহে।
ড’নাল্ড ট্ৰাম্পে সমগ্ৰ বিশ্বত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে চীনক দোষাৰোপ কৰি আহিছে।
বিশ্ব স্বাস্থ্য সংস্থায়ো ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা বিশ্ববাসীক সতৰ্ক কৰি ৰক্ষা ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলি ট্ৰাম্পে সমালোচনা কৰিছে।