• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সাৰ আনন্দ বজাৰত হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিৰ চিকিৎসাৰ অভাৱত মৃত্যু; কোভিড-১৯-ৰ পৰীক্ষা নকৰাকৈ জেচিবিৰে পুতি থলে মৃতদেহ

শংশাক তালুকদাৰ by শংশাক তালুকদাৰ
May 8, 2020 10:04 am
শংকৰ বৰ্মন

শংকৰ বৰ্মন

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাৰ শালবাৰীৰ আনন্দ বজাৰত হোম কোৱাৰেণ্টাইনত থকা শংকৰ বৰ্মন(৪৫) নামৰ ব্যক্তি এগৰাকীয়ে চিকিৎসা অবিহনে মৃত্যু হোৱাৰ পাছত প্ৰশাসনে মৃতদেহটো সৎকাৰৰ পৰিৱৰ্তে জে চি বি ৰে গাঁতত পুতি থোৱা কাৰ্য্যই সমগ্ৰ অঞ্চলটোক আতংকিত কৰি তুলিছে।

৬ মে’ৰ আবেলিতে লোকজনৰ মৃত্যু হয় যদিও ৭ মে’ৰ দুপৰীয়াৰ ভাগলৈ মৃতদেহটো মহ-মাখিৰ মাজত পৰি ৰয়।

Apply Now

এই সমগ্ৰ ঘটনাত চিকিৎসক-আশা কৰ্মী আৰু আৰক্ষীৰ গাফিলতি থকা বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লগতে আনন্দ বজাৰৰ একাংশ ৰাইজে।

শংকৰ বৰ্মনৰ মৃতদেহ পৰিয়ালৰ লগতে গাঁৱবাসীয়ে ক’ৰ’না টেষ্ট নকৰাকৈ চমজি ল’বলৈ অস্বীকাৰ কৰিছিল।

হোম কোৱাৰেণ্টাইনত থকা সময়তে মৃত্যু মুখত পৰা শংকৰ বৰ্মন পেছাত বাছৰ হেণ্ডিমেন আছিল।

প্ৰতিদিনে বৰপেটা ৰোডৰ পৰা ধুবুৰীলৈ শংকৰ বৰ্মনে বাছৰ হেণ্ডিমেন হিচাপে অহা-যোৱা কৰিছিল।

ল’কডাউনৰ মাজতে আজিৰপৰা ২২ দিন পূৰ্বে ধুবুৰীৰপৰা বাক্সাৰ আনন্দ বজাৰৰ নিজ গৃহত উপস্থিত হৈছিল শংকৰ বৰ্মন।

জ্বৰ-কাহ, চৰ্দিত আক্ৰান্ত হৈ নিজগৃহত উপস্থিত হোৱাৰ পিছত সাউদৰভিঠা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসকৰ পৰামৰ্শ লৈ ১৮ দিন পূৰ্বে আনন্দ বজাৰৰ পল্লা নৈৰ কাষত হোম কোৱাৰেণ্টাইনত থাকিবলৈ লৈছিল শংকৰ বৰ্মনক।

অভিযোগ মতে, হোম কোৱাৰেণ্টাইনত থকা দিনকেইটাত কোনো এদিন চিকিৎসক, আশাকৰ্মী বা আৰক্ষীয়ে খবৰ লোৱা নাছিল শংকৰৰ আৰু ৬ মে’ৰ আবেলি বিনা চিকিৎসাই মৃত্যুক আকোৱালি লয় শংকৰ বৰ্মনে।

৬ মে’ৰ পৰা ৭ মে’ৰ দুপৰীয়া পৰ্য্যন্ত শংকৰৰ মৃতদেহ পৰি ৰয় যদিও ক’ৰ’নাত আক্ৰান্তৰ সন্দেহত পৰিয়াল তথা গাঁৱবাসীৰ কোনো লোক মৃতদেহৰ কাষলৈ অহা নাছিল।

হোম কোৱাৰেণ্টাইনত থকা অৱস্থাত শংকৰ বৰ্মনৰ মৃত্যু হোৱা বাতৰিয়ে অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি কৰাৰ সময়তে দুপৰীয়াৰ ভাগত শালবাৰী মহকুমাধিপতি নিত্য বিনোদ ওৱাৰী, সাউদৰভিঠা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক চাইফুদ্দিন আহমেদৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো সম্পূৰ্ণভাৱে মানৱতা উলংঘন কৰি জেচিবিৰে কঢ়িয়াই সৎকাৰৰ পৰিৱৰ্তে গাঁতত পুতি থৈ দায় সামৰে।

উল্লেখ যোগ্য যে,  শংকৰ বৰ্মনৰ পৰিয়াল, চুবুৰীয়া লোক, আনন্দ বজাৰৰ একাংশ ৰাইজ আৰু বাক্সা জিলা হিন্দু জাগৰণ মঞ্চৰ ফালৰপৰা দাবী জনোৱা হৈছিল যে ঘটনাটোৱে যিহেতু এক আতংকম পৰিৱেশৰ সৃষ্টি কৰিছে সেয়ে আৰক্ষী প্ৰশাসনে মৃতদেহটো উদ্ধাৰ কৰি কোভিড-১৯-ৰ পৰীক্ষা নকৰাকৈ যাতে পৰিয়ালৰ হাতত গতাই নিদিয়ে।

কিন্তু এই দাবীৰ প্ৰতি কোনোধৰণৰ সদিচ্ছা প্ৰকাশ নকৰি শালবাৰী মহকুমা প্ৰশাসনৰ লগতে চিকিৎসক চাইফুদ্দিন আহমেদে মানৱতা ভূ-লূণ্ঠিত কৰি জেচিবিৰে গাঁতত পুতি থয় শংকৰ বৰ্মন নামৰ ৪৫ বৰ্ষীয়ান লোকজনৰ মৃতদেহ।

শংশাক তালুকদাৰ

শংশাক তালুকদাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd