• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুৰণিগুদামত চোৰাং কাঠৰ ৰমৰমীয়া বেহা; কাঠফলা মিলৰ লগতে জব্দ লক্ষাধিক টকাৰ কাঠ

ভাৰ্গৱ হাজৰিকা by ভাৰ্গৱ হাজৰিকা
May 12, 2020 4:53 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

302
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰাৰ সময়তে নগাঁও-কাৰ্বি আংলং সীমান্তবৰ্তী পাৰ্কোপ পাহাৰত অব্যাহত আছে বনধ্বংস যজ্ঞ। সততে বনজ সম্পদৰ বাবে চহকী পাৰ্কোপ পাহাৰত লক্ ডাউনৰ অচিলা লৈ একাংশই চলাই গৈছে ব্যাপক এই বন ধ্বংস যজ্ঞ।

কাৰ্বি আংলং বন বিভাগৰ চকুৰ সন্মুখতে বনজ সম্পদৰ ধ্বংস যজ্ঞ চলাই নগাঁও জিলাৰ ভৈয়াম অঞ্চলেৰে সৰবৰাহ হয় বৃহৎ কাঠৰ কুণ্ডা আৰু ফান্টা ভৰ্ত্তি গাড়ী।

সোমবাৰে নিশাও ক’ৰ’না ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ জাৰি কৰা কাৰ্ফিউকো নেওচি এখন টাটা ডি আই বাহনে কাৰ্বি আংলং বন বিভাগৰ অধীনৰ পাৰ্কোপ পাহাৰৰ পৰা কঠালগুৰি-মালিবস্তি হৈ চলচলী জলাহগাঁৱলৈ ২৮ টা মাকৈ শালৰ ফান্টা সৰবৰাহ কৰিছিল।

নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনৰ জলাহগাঁৱৰ এটা নৱনিৰ্মিত গৃহৰ খালী মাটিত নিশা প্ৰায় ৯.৩০ বজাত এখন বাহনে কাঠখিনি পেলাই থৈ যোৱা বুলি এটা সূত্ৰই জানিবলৈ দিয়ে।

পাছত অবৈধভাৱে সৰবৰাহ কৰি মজুত কৰা কাঠখিনিৰ খবৰ লাভ কৰি শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ চাপানালা খণ্ড বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মী আৰু নগাঁও বন সুৰক্ষা বাহিনীৰ এটা দলে অতি ক্ষীপ্ৰতাৰে উক্ত স্থানত অভিযান চলাই স্থানীয় গাওঁবুঢ়া শৰৎ চন্দ্ৰ শইকীয়া আৰু ৰাজেন বৰাৰ উপস্থিতিত কাঠ খিনি জব্দ কৰে।

জব্দ কৰা কাঠখিনিৰ মূল্য আনুমানিক প্ৰায় লক্ষাধিক টকা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, চলচলী জলাহগাঁৱৰ উক্ত স্থানত পাৰ্কোপ পাহাৰৰ পৰা চোৰাং কাঠ সৰবৰাহ কৰি  দীৰ্ঘ দিন ধৰি চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই আহিছে বুলি এটা সুত্ৰই জানিবলৈ দিছে।

আনহাতে কাৰ্বি আংলং জিলাৰ পাৰ্কোপ পাহাৰত পাৰ্কোপ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ দৰে এটা কাৰ্যালয় থকাৰ পাছতো কাৰ্বি আংলং বন বিভাগৰ চকুৰ সন্মুখেৰে চৰকাৰে ঘোষণা কৰা কাৰ্ফিউৰ মাজতো কিদৰে অবৈধ চোৰাং কাঠৰ গাড়ী পাৰ হৈ চলচলী জলাহগাঁও পালেহি তাক লৈ স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে।

স্থানীয় আন এক সূত্ৰই এয়া পাৰ্কোপ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ একমাত্ৰ হেমাহি আৰু কমিছনৰ অংকৰ বাবেই সম্ভৱ হৈ উঠিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে আজি পুনৰ পুৰণিগুদাম নিকটৱৰ্ত্তী চলচলীতো বন বিভাগে আন এক অভিযান চলায়। শালনা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চাপানালা খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বন বিষয়াৰ নেতৃত্বত অহা বনৰক্ষীৰ এটা দলে চলচলীত এক অভিযান চলাই নুৰ হুইছেন নামৰ এজন লোক ঘৰৰ পৰা এটা কাঠ ফলা মিল জব্দ কৰিবলৈও সক্ষম হয়।

Recent News

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd