ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা ল’কডাউনৰ ফলত অসুবিধাৰ সন্মুখিন হোৱা দিন মজুৰি কৰি খোৱা শ্ৰমিক সকলক সহায়ৰ বাবে নিজে অকা ছবি নিলাম কৰিবলৈ ওলাইছে বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিনহাই।
‘‘মই মুখা আকি ভালপাও, সেইবাবে মই শান্তিৰ প্ৰতীক অংকন কৰিছো,’’ ইষ্টাগ্ৰামত এটা ভিডিঅ’ আপলোড কৰি সোণাক্ষীয়ে এইদৰে কয়।
সোণাক্ষীয়ে ভিডিঅ’টোত তেওঁ বছৰ বছৰ ধৰি অংকন কৰি অহা আলোকচিত্ৰ সমূহ নিলাম কৰি দিন মজুৰি কৰি খোৱা সাধাৰণ নাগৰিকক সহায় কৰিব বুলিও লগতে কয়।
বলিউদৰ বিভিন্ন অভিনেতা-অভিনেত্ৰীয়ে দেশত ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত জনসাধাৰণলৈ সহায়ৰ হাত আগবঢ়াইছে।
বলিউদৰ জনপ্ৰিয় অভিনেতা চলমান খানে ল’কডাউনৰ সময়ত ভোকাতুৰ বহু লোকক খাদ্য সামগ্ৰী যোগান ধৰি আহিছে।
আন এগৰাকাৰী জনপ্ৰিয় অভিনেতা চনু চুডে ল’কডাউনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক সকলক নিজ নিজ ৰাজ্যলৈ উভতি যোৱাৰ বাবে গাড়ীৰ ব্যৱস্থা কৰে।