• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনি মাহতে ভাগিল পথ; শিৱসাগৰত ঠিকাদাৰ-গড়কপ্তানি বিভাগৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
May 23, 2020 5:43 pm
5.8k
VIEWS
Share on FacebookShare on Twitter

নিৰ্মাণৰ তিনি মাহ অতিক্ৰম নৌ-হওঁতেই ভাগিল কপৌটিং-ডিমৌমুখ সংযোগী পথ। শিৱসাগৰ গড়কপ্তানি বিভাগৰ পথ সংমণ্ডলৰ এজন দুৰ্নীতিগ্ৰস্থ কণিষ্ঠ অভিযন্তা আৰু ঠিকাদাৰে মিলি পথটোলৈ আৱণ্টিত ধনৰাশিৰ ভিতৰত সিংহভাগ ধনেই লুণ্ঠন কৰাৰ বাবেই এতিয়া পথ ছোৱা ভাগি যোৱাৰ অভিযোগ উঠিছে।

উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ  ডিমৌমুখ, বাঢ়ৈটিং, বাগল, কপৌটিং, চেঁচাসত্ৰ আদি কেইবাখন গাঁৱৰ বহিঃ সমাজৰ লগত যোগাযোগৰ অন্যতম পথ ৰূপে পৰিচিত  ডিমৌমুখ-কপৌটিং সংযোগী  এই প্ৰায় ২.৫০ কিঃ মিঃ পথটো নিৰ্মাণৰ বাবে চৰকাৰে আৱণ্টন দিছিল ২ কোটি ৩৪ লাখ টকা।

অভিযোগ অনুসৰি শিৱসাগৰ গড়কপ্তানি পথ সংমণ্ডলৰ দুৰ্নীতিগ্ৰস্থ কণিষ্ঠ অভিযন্তা গৰাকীৰ মন্ত্ৰণা অনুসৰি পথ নিৰ্মাণৰ ঠিকা কাম লাভ কৰা ঠিকাদাৰ গৰাকীয়ে নিদ্ধাৰিত পৰিমাণতকৈ কম মাটি ব্যৱহাৰ কৰাৰ বাবেই এতিয়া পথছোৱা ভাগি পৰিল ।

বাঢ়ৈটিঙত থকা ৰংচাই জানৰ দলংখন প্ৰায় ২০০ মিটাৰ নিলগত পথটোৰ দুয়োটা পাৰ বহি গৈছে আৰু পথছোৱা নিৰ্মাণত ব্যৱহৃত কৰা ফেভাৰ ব্লক সমুহ যতে-ততে সিচঁৰিত হৈ পৰিছে। এনেদৰে এতিয়া এই পথটো ভাগি যোৱাত স্থানীয় জনসাধাৰণৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি পথ ছোৱা নিৰ্মাণৰ বেলিকা শিৱসাগৰ গড়কাপ্তানি বিভাগৰ পথ সংমণ্ডলৰ কোনো এজন শীৰ্ষ বিষয়াই ঠিকাদাৰৰ কাম তদাৰক কৰিবলৈ অহাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে।

যাৰ ফলত ঠিকাদাৰ গৰাকীয়ে নিজ -খেয়াল খুচি অনুসৰি পথ নিৰ্মাণ কৰাৰ বাবেই এতিয়া এনেদৰে কপৌটিং-ডিমৌমুখ সংযোগী পথটো নিৰ্মাণৰ তিনি মাহ অতিক্ৰম নকৰাৰ পূৰ্বেই ভাগি গৈছে।

ৰাইজে এতিয়া ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনক দাবী জনাইছে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd